সামাজিক মাধ্যমত এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে চিৰাজে

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম পেচ বলাৰ মহম্মদ চিৰাজৰ খং উঠিছে। এয়াৰ ইণ্ডিয়া বিমান কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবে সামাজিক মাধ্যমযোগে ক্ষোভ উজাৰিছে তাৰকা বলাৰগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
345

ডিজিটেল ডেস্ক : ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম পেচ বলাৰ মহম্মদ চিৰাজৰ খং উঠিছে। এয়াৰ ইণ্ডিয়া বিমান কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবে সামাজিক মাধ্যমযোগে ক্ষোভ উজাৰিছে তাৰকা বলাৰগৰাকীয়ে। 

গুৱাহাটীৰ বৰ্ষাপাৰাত টেষ্ট শৃংখলা সামৰি হায়দৰাবাদলৈ উৰা মৰাৰ বাবে বৰঝাৰ বিমান বন্দৰ অভিমুখে ৰাওনা হৈছিল চিৰাজ। এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ ২৮৮৪ নম্বৰৰ বিমানখন সন্ধিয়া ৭-২৫বজাত উৰা মৰাৰ কথা আছিল হায়দৰাবাদ অভিমুখে।

কিন্তু নিৰ্দিষ্ট এই বিমানখনে ৪ঘণ্টা পলমকৈ উৰা মৰাৰ বাবে ক্ষোভিত হৈ পৰে মহম্মদ চিৰাজ। লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰত ৪ঘণ্টাৰো অধিক সময় ৱেটিংৰূমত বহি থকা চিৰাজে এয়াৰ ইণ্ডিয়াৰ এনে দায়িত্বহীনতাৰ কথা সামাজিক মাধ্যমত সদৰী কৰে। অৱশ্যে চিৰাজৰ পোষ্টৰ পাছতে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰে।

এয়াৰ ইণ্ডিয়া