/asomiyapratidin/media/media_files/2025/10/27/ujjjdd-2025-10-27-17-38-23.jpg)
ডিজিটেল ডেস্কঃ অসমত প্ৰযোজ্য নহয় ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া চমুকৈ SIR । নিৰ্বাচন আয়োগে এই কথা স্পষ্ট কৰি দিয়ে সংবাদমেলত। বিহাৰত প্ৰথম পৰ্যায়ত এছ আই আৰ সম্পন্ন হোৱাৰ পিছত এইবাৰ দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হ'ব বুলি ঘোষণা কৰে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে সদৰি কৰে যে, যোগ্য ভোটাৰ যাতে বঞ্চিত নহয়, অযোগ্যই যাতে ভোটাধিকাৰ লাভ নকৰে তাৰ বাবেই এই SIR ।
দ্বিতীয় পৰ্যায়ত এছ আই আৰ বলবৎ হ'বলগীয়া ১২খন ৰাজ্য হৈছে- চত্তীশগড়, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, পুডুচেৰী, আণ্ডামান আৰু নিকোবৰ, লক্ষদ্বীপ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ। এই ১২খন ৰাজ্যত অহা ২৮অক্টোবৰৰ পৰাই আৰম্ভ হ'ব এছ আই আৰৰ প্ৰক্ৰিয়া। ১২ৰাজ্যৰ চূড়ান্ত ডাফ্ট লিষ্ট ২০২৬ৰ ৭ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হ'ব।
উল্লেখ কৰা প্ৰয়োজন যে, ১৯৫১ৰ পৰা ২০০৪চনলৈ ২১ বাৰ SIRৰ সম্পন্ন হৈছে ভাৰতত। সংবাদমেলত নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে সদৰি কৰে যে, অসমত পৃথককৈ এছ আই আৰৰ দিন ঘোষণা কৰা হ'ব। অসমত এন আৰ চি প্ৰক্ৰিয়া চলি থকাৰ বাবেই এছ আই আৰ প্ৰযোজ্য কৰা নহয় বুলি সদৰি কৰে নিৰ্বাচন আয়োগে।
উল্লেখ কৰা প্ৰয়োজন যে, ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া দেশৰ ভিতৰতে প্ৰথম প্ৰযোজ্য কৰা হৈছিল বিহাৰত। বিহাৰৰ প্ৰায় ৬৫লাখ লোকৰ নাম বাদ পৰিছিল এই এছ আই আৰ প্ৰক্ৰিয়াৰ পিছতে। তাৰ পিছতে ৰাজ্যখনৰ বিৰোধী দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us