পৰীক্ষাৰ্থী আহিল! গৰুখুঁটি হাইস্কুললৈ মেট্ৰিকৰ প্ৰশ্ন কাকতহে সময়মতে নাহিল...

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰম্ভণিৰ দিনটোতে ছিপাঝাৰ গৰুখুঁটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লাগিল হুৱা-দুৱা। পুৱা ৯বজাৰ পৰা পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল। সেইমতে সকলো শিক্ষাৰ্থী পৰীক্ষাগৃহত উপস্থিত হৈ সাজু

author-image
Asomiya Pratidin
New Update
BREAKING NEWS

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰম্ভণিৰ দিনটোতে ছিপাঝাৰ গৰুখুঁটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লাগিল হুৱা-দুৱা। পুৱা ৯বজাৰ পৰা পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল। সেইমতে সকলো শিক্ষাৰ্থী পৰীক্ষাগৃহত উপস্থিত হৈ সাজু হৈছিল। কিন্তু ১০.১০বজালৈকে পৰীক্ষাৰ্থীসকলে নাপালে প্ৰশ্নকাকত।

ইয়াকে লৈ পৰীক্ষা কেন্দ্ৰটোত অভিভাৱকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। অভিভাৱকসকলে বিদ্যালয়খনৰ অধ্যক্ষ দণ্ডীধৰ নাথৰ এই দায়িত্বহীনতাক কঠোৰ ভাষাৰে সমালোচনা কৰে। 

ৰাইজ তথা অভিভাৱকৰ উগ্ৰমূৰ্তি দেখি পুৱা ১০.১০বজাত ছেবাৰ পৰা প্ৰশ্ন কাকতৰ টোপোলা পায়গৈ পৰীক্ষা কেন্দ্ৰটোত। প্ৰায় এঘন্টাৰো অধিক সময় পলমকৈ অনুষ্ঠিত হোৱা এই পৰীক্ষা নিৰ্ধাৰিত সময় বৃদ্ধি কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, পৰীক্ষাকেন্দ্ৰটোৰ প্ৰশ্ন কাকতত নিশাই ছিপাঝাৰ থানাত আছে বুলি জানিব পৰা গৈছিল যদিও পুৱা ভাগত থানাখনত বিচাৰি পোৱা নগ'ল প্ৰশ্নকাকতৰ টোপোলা। 

হাইস্কুল শিক্ষান্ত পৰীক্ষা