নেহেৰুবালিত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা...

নেহেৰুবালিত ৬ দিনীয়াকৈ অনুষ্ঠিত হৈ থকা ১১৩ সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱথলীত বৃহস্পতিবাৰে পুৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই

author-image
Asomiya Pratidin
New Update
634

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ নেহেৰুবালিত ৬ দিনীয়াকৈ অনুষ্ঠিত হৈ থকা ১১৩ সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱথলীত বৃহস্পতিবাৰে পুৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই। দিনৰ ১২ বজাৰ পৰা তিনিটা শাখাত অনুষ্ঠিত হয় পদ্ম বৰা, গোলাপ বৰা, কৃষ্ণকান্ত বৰা, মুকুট হাজৰিকা, গিৰিকান্ত মহন্ত, গৌৰৱ শইকীয়াৰ সোঁৱৰণত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা।  

উল্লেখযোগ্য যে, ক, খ আৰু গ তিনিটা শাখাত অনুষ্ঠিত হোৱা জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি নেহেৰুবালিৰ বাকৰি জীপাল কৰি তোলে। প্ৰতিযোগিতাৰ বিচাৰক হিচাপে থাকে দুলুমণি শইকীয়া আৰু ৰিমলী শৰ্মা বৰাই।

নেহেৰুবালি