/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/b5f7da46-959e-4eb1-a98f-91dfa334384f.jpg)
ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত কণ্ঠশিল্পী এগৰাকীৰ দোকান তিনিবাৰকৈ চুৰি । বকো থানাৰ অন্তৰ্গত শাখাতি চ'কত থকা ৰাজু সৰকাৰ নামৰ কণ্ঠশিল্পীগৰাকীৰ কাপোৰ দোকানত প্ৰথমবাৰ যোৱা মাৰ্চ মাহত চোৰ সোমাইছিল।
ইয়াৰ কিছুদিন পিছত অৰ্থাৎ যোৱা ৪ মে'ত পুণৰ কাপোৰ দোকানখনত চোৰ সোমাই কাপোৰ চুৰি কৰি নিয়ে। শেহতীয়াকৈ তৃতীয়বাৰৰ বাবে যোৱা ১৯ জুনৰ নিশা দোকানখনৰ গোটেই কাপোৰ চুৰি কৰি নিয়ে ।
কণ্ঠশিল্পীগৰাকীয়ে দোকানখনৰ পিছফালৰ খিড়িকীৰে চোৰে সোমাই কাপোৰ চুৰি কৰি নিয়া বুলি বকো থানাত লিখিত ভাবে জনাইছে ।