চালে-বেৰে কোবাই ক্ষমা খুজিলে গায়িকা গীতাঞ্জলিয়ে

৭ বাৰকৈ মঞ্চলৈ আমন্ত্ৰণ জনোৱাৰ পাছতো মঞ্চলৈ নাহেহে নাহে গায়িকা গীতাঞ্জলি। হঠাৎ মনত কিছু ক্ষোভ লৈ মঞ্চলৈ উঠি আহিয়ে গায়িকা গৰাকী বিচাৰিলে এজন বিশেষ ব্যক্তিক।

author-image
Asomiya Pratidin
New Update
নামে নো গীতাঞ্জলি...

নামে নো গীতাঞ্জলি...

ডিজিটেল ডেস্ক :  "নামে নো গীতাঞ্জলি, গগৈ লিখো উপাধি" এই গীতটিৰ জৰিয়তে জনপ্ৰিয় হৈছিল গায়িকা গীতাঞ্জলি দাস। বিগত কিছু বছৰ ধৰি কেইবাটাও গীতৰ জৰিয়তে একাংশ দৰ্শকৰ হৃদয় জয় কৰিবলৈও সক্ষম হৈছিল। কিন্তু শেহতীয়াভাৱে এইগৰাকী গায়িকা এটা বিতৰ্কৰ মাজত সোমাই পৰিল। 

Advertisment

ঘটনা ২৬ এপ্ৰিলৰ। স্থান দেওচোতাল দ্বীপৰ বিল। দেওচোতাল ৰঙালী বিহু সন্মিলননে আয়োজন কৰা বিহু অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰিত হৈছিল গায়িকা গীতাঞ্জলি দাস। সেইখিনিলৈকে সকলো ঠিকেই আছিল। কিন্তু ৭ বাৰকৈ মঞ্চলৈ আমন্ত্ৰণ জনোৱাৰ পাছতো মঞ্চলৈ নাহেহে নাহে গায়িকা গীতাঞ্জলি। হঠাৎ মনত কিছু ক্ষোভ লৈ মঞ্চলৈ উঠি আহিয়ে গায়িকা গৰাকী বিচাৰিলে এজন বিশেষ ব্যক্তিক।

প্ৰথমে দৰ্শকক সুধিলে, "আপোনালোকে জানেনে মোৰ নাম কি?" দৰ্শকক ৰঙালীৰ শুভেচ্ছা জনাই এক প্ৰকাৰৰ ঘোষণা কৰিলে "মই অনুষ্ঠান তেতিয়াহে আৰম্ভ কৰিম, যেতিয়া ঘোষকজন মঞ্চলৈ আহিব।" অৱশেষত গায়িকাই বান্ধি দিয়া চৰ্ত মানি মঞ্চলৈ উঠি আহিল ঘোষকজন। তাৰ পাছত যি হ'ল, সেইয়া ঘটনাৰ দুদিনৰ পাছতো আজিও চৰ্চাত।

বয়োজেষ্ঠ ঘোষকগৰাকীক প্ৰতিটো বাক্যতে তাচ্ছিল্য কৰি চূড়ান্ত অপমান কৰিলে গায়িকা গৰাকীয়ে। ঘোষকগৰাকীয়ে ক্ষমা খুজিব বিচাৰে, গীতাঞ্জলিয়ে ৰাইজৰ পৰা হাত চাপৰি বিচাৰে। বয়োজেষ্ঠ ঘোষকগৰাকীক ইতিকিং কৰি হাত চাপৰি বজাবলৈ কোৱা ঘটনাক স্বাভাৱিকভাৱে লব পৰা নাই অসমৰ ৰাইজে। আনকি নামটো কাগজত লিখি লবলৈও গায়িকাই দিলে পৰামৰ্শ। তাৰ পাছতে সামাজিক মাধ্যমত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। 

একাংশৰ মতে, "এনে ব্যৱহাৰ এগৰাকী শিল্পীৰ ক্ষেত্ৰত শোভা নাপায়। "ভুল হৈছে ঘোষক গৰাকীৰ, সেই কথা এইদৰে ৰাজহুৱাকৈ নকৈ ব্যক্তিগতভাৱেও কব পাৰিলেহেঁতেন । কাৰোবাৰ মতে "ভদ্ৰ ভাষাৰে ঘোষক গৰাকীক তেওঁ চৰম অপমান কৰিলে।" এইয়া মানৱীয় আচৰণ হ'ব নোৱাৰে বুলিও ক'লে একাংশই। 

সমগ্ৰ ঘটনাটোক লৈ ব্যাপক প্ৰতিক্ৰিয়া হোৱা পিছতে সংবাদ মাধ্যমৰ আগত মুখ খুলিলে গীতাঞ্জলিয়ে। গীতাঞ্জলিৰ মতে তেওঁৰ নামটো কেইবাবাৰো ভুলকৈ মাতিছিল ঘোষকজনে। আনকি তেওঁৰ টীমৰ লোকে গৈ সুধৰাই দিছিল নামটো। কিন্তু ঘোষকগৰাকীয়ে বাৰে বাৰে 'গীতালি দাস' বুলি মাতিছিল। যাৰবাবে খং উঠিছিল গীতাঞ্জলিৰ। ব্যক্তিগৰাকী মঞ্চলৈ উঠি অহাৰ পাছতহে বয়োজেষ্ঠ বুলি হেনো জানিলে গীতাঞ্জলিয়ে। সমগ্ৰ ঘটনাৰ বাবে সংবাদ মাধ্যমৰ আগত ক্ষমাও বিচাৰে গায়িকাগৰাকীয়ে।

পিছে, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া। আমন্ত্ৰিত অতিথিৰ নাম নজনাটো অথবা ভুলকৈ মতাটো আযোজকৰ ভুল। কিন্তু সেই ভুলৰ বাবেই এনেদৰে ৰাজহুৱাকৈ অপমানিত কৰাতো উচিত আছিল জানো? ৩৭ বছৰ এখন বিহুৰ সৈতে জড়িত হৈ থকা এজন ব্যক্তিক এনেদৰে অপদস্থ কৰোতো সমীচিন আছিল জানো গীতাঞ্জলিৰ? স্বাভাৱিকতেই গায়িকাক এই প্ৰশ্ন কৰিছে একাংশই...

গীতাঞ্জলি