আনে নোযোৱা ছিংগাপুৰৰ ভৌতিক সেই সাগৰীয় দ্বীপলৈ কিয় লৈ যোৱা হৈছিল জুবিনক...

জুবিন গাৰ্গ নোহোৱা হোৱা আজি ১১দিনত ভৰি থলে। আদ্য শ্ৰাদ্ধৰ দিনটোত গৰিমা শইকীয়া গাৰ্গে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে। গৰিমা গাৰ্গে জুবিন মৃত্যু হোৱা ছিংগাপুৰৰ সেই অভিশপ্ত দ্বীপটোক ভৌতিক দ্বীপ বুলি

author-image
Asomiya Pratidin
New Update
singaaa

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গ নোহোৱা হোৱা আজি ১১দিনত ভৰি থলে। আদ্য শ্ৰাদ্ধৰ দিনটোত গৰিমা শইকীয়া গাৰ্গে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে। গৰিমা গাৰ্গে জুবিন মৃত্যু হোৱা ছিংগাপুৰৰ সেই অভিশপ্ত দ্বীপটোক ভৌতিক দ্বীপ বুলি উল্লেখ কৰি তালৈ কিয় নিব লাগে বুলি আক্ষেপ প্ৰকাশ কৰে।

7cddbc45-2106-4260-a494-33e383da456a

জুবিনক লৈ যোৱা উক্ত দ্বীপটো আছিল ছিংগাপুৰৰ লাজাৰুচ দ্বীপ। ছিংগাপুৰ মেইন লেণ্ডৰ পৰা স্থলপথেৰে প্ৰায় দুঘন্টাৰ বাট লাজাৰুচলৈ ৷ এই লাজাৰুচ দ্বীপত মানুহৰ কোনো বসতি নাই ৷ উনৈছ শতিকা আৰু কুৰি শতিকাৰ পৰা ছিংগাপুৰৰ এই দ্বীপটো সকলো ধৰণৰ মহামাৰী ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ বাবে কোৱাৰেন্টাইনৰ স্থান হিচাপে আজিও ব্যৱহাৰ কৰা হৈ আছে ৷

f63dd5c9-02a9-483b-a6e2-6b89ee833be7

ছিংগাপুৰত বিভিন্ন মহামাৰী ৰোগত আক্ৰান্ত ৰোগীক এই লাজাৰুচ দ্বীপত কোৱাৰেন্টাইনত ৰখা হয় আৰু তাৰপিছত মৃত্যু হোৱাৰ পিছত তাতেই সমাধিস্থ কৰা হয় ৷ এই লাজাৰুচ দ্বীপটো আচলতে সাধাৰণ ভাষাত এখন বৃহৎ শ্মশানথলীহে৷

ছিংগাপুৰৰ স্থানীয় মানুহে এই লাজাৰুচ দ্বীপলৈ নাযায়েই ৷ অতি নিৰ্জন আৰু নিৰিবিলি এই দ্বীপৰ সাগৰত সাতুৰিবলৈ গৈ বহু বিদেশী পৰ্যটকে মৃত্যুক আকোঁৱালি লৈছে ৷ কাৰণ বিপদত পৰা অথবা দুৰ্ঘটনাগ্ৰস্ত লোকক সহায় কৰিবলৈ কোনো স্থানীয় লোক ইয়াত নাথাকে আৰু সহজে ঢুকি পাব পৰাকৈ ওচৰত কোনো চিকিৎসালয়ো নাই ৷

f093e82d-1650-405b-a645-76b398dc890b

সেইবাবেই এই লাজাৰুচলৈ প্ৰমোদ বিহাৰ কৰিবলৈ গ’লে বহু উচ্চ হাৰত জাহাজ ভাৰা কৰিবলগীয়া হয় আৰু স্থানীয় লোকক বহু উচ্চ হাৰত পাৰিশ্ৰমিক দিব খুজিলেও তেওঁলোকে তালৈ যাবলৈ অনীহা প্ৰকাশ কৰে ৷ আনকি স্থানীয় লোকে এই সাগৰৰ পানীক বিহ বুলিয়েই গণ্য কৰে ৷ সেয়েহে উক্ত দ্বীপ বা তাৰ কাষৰীয়া অঞ্চললৈ নাযায় কোনো লোক। আৰু উক্ত সেই স্থানতেই প্ৰাণ হেৰুৱালে জুবিনে।

জুবিন গাৰ্গ