/asomiyapratidin/media/media_files/2025/09/30/dddd-2025-09-30-11-35-52.jpg)
ডিজিটেল ডেস্কঃ ছিংগাপুৰলৈ যোৱা নাই অসম আৰক্ষীৰ তদন্তকাৰী দলটো। মঙলবাৰে পুৱাৰ ভাগতে জুবিন মৃত্যুকাণ্ডক লৈ ছিংগাপুৰলৈ যোৱাৰ কথা আছিল যদিও দুপৰীয়া ভাগলৈকে যোৱা নাই অসম আৰক্ষীৰ তদন্তকাৰী দুই বিষয়া। দুয়োখন দেশৰ মাজত যাৱতীয় যিখিনি কাম-কাজ সেইখিনি সম্পূৰ্ণ নোহোৱাৰ বাবে যাত্ৰা কৰিব পৰা নাই এই দলটো।
উল্লেখ কৰা প্ৰয়োজন যে, অসম আৰক্ষীয়ে ছিংগাপুৰলৈ যাবলৈ নাইবা উক্ত ঘটনা তদন্তৰ বাবে ছিংগাপুৰ চৰকাৰ পৰা এতিয়ালৈকে অনুমোদন লাভ কৰা নাই। ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ লগতে গৃহ বিভাগে এই আইনী প্ৰক্ৰিয়াৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰাৰ পাছত সেই প্ৰস্তাৱত ছিংগাপুৰে অনুমোদন জনালেহে অসম আৰক্ষীৰ দল যাব পাৰিব ছিংগাপুৰলৈ।
বৰ্তমান ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্ত আৰু ছিংগাপুৰ চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয় আৰু গৃহ বিভাগে। এই যোগাযোগ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে অসমৰ পৰা ৰাওনা হ'ব এই তদন্তকাৰী দলটো। আজি বিয়লি ভাগলৈ এই সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ কথা।
মঙলবাৰে দুপৰীয়া ভাগলৈকে এই সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন নোহোৱাৰ বাবে যাব পৰা নাই অসম আৰক্ষীৰ এই তদন্তকাৰী দলটো। এই দলটোত আছে দুগৰাকী আৰক্ষী অধীক্ষক। আনফালে বহিঃৰাজ্যত আত্মগোপন কৰি থকা মেনেজাৰ সিদ্ধাৰ্থৰ অৱস্থিতি ট্ৰেক কৰা বুলি জনালও এতিয়ালৈকে সিদ্ধাৰ্ধকো কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী।