/asomiyapratidin/media/media_files/2025/11/23/294-2025-11-23-19-51-14.jpg)
ডিজিটেল সংবাদ, উৰিয়াগাঁও : দেওবাৰৰ পৰা উৰিয়াগাঁৱত তৃতীয় বাৰ্ষিক জুবিন গাৰ্গলৈ উৎসৰ্গিত ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা -২০২৫ আৰম্ভ হয়। দিনৰ ১-০০ বজাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা খেলখনিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰবাল শৰ্মা।
লগতে হিউমেন ৰাইটছ ডিফেণ্ডাৰ হীৰকজ্যোতি বৰাৰ ওপৰিও নগাঁও ক্ৰীড়া সংস্থাৰ তৰফৰ পৰা উপস্থিত থাকে নাছিৰ আহমেদ। খেলখনৰ আৰম্ভনিতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰবাল শৰ্মাই কয় যে- ক্ৰীড়াই কঢ়িয়াই আনে সম্প্ৰীতিৰ বাৰ্তা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/whatsapp-i-2025-11-23-19-53-25.jpeg)
উৰিয়াগাঁও ৰাইজৰ সবল প্ৰচেষ্টাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কুটিল হাতোৰাৰ পৰা মুক্ত কৰি একেৰাহে তৃতীয়বাৰৰ বাবে খেল অনুষ্ঠিত কৰাটো সম্ভৱ হৈছে। হীৰক জ্যোতি বৰাই জুবিন গাৰ্গৰ সান্নিধ্যৰ কথা উল্লেখ কৰি জুবিন গাৰ্গে ফুটবল খেলক সদায় অগ্ৰাধিকাৰ দি আহিছে।
উদ্বোধনী খেলখন মহমৰীয়া বয়জ ক্লাব আৰু কাৰ্বি ষ্টুডেন্টছ এচ'চিয়েচন নগাঁৱৰ মাজত অনুষ্ঠিত হয়। ৩-১ব্যৱধানত মহমৰীয়া বয়জ ক্লাবে বিজয় সাব্যস্ত কৰে। আজিৰ খেল উদ্ধোধনী সভাখনত সভাপতিত্ব কৰে উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়ায়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/whatsapp-im-2025-11-23-19-53-03.jpeg)
উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী নাৰায়ন চন্দ্ৰ বনিয়া,কুশৰাম বৰা, জয়ন্ত বৰা,হলি শইকীয়া দেবেন বৰা মণ্টো শইকীয়া, বিকি হাজৰিকা। উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰভাত বৰা আৰু সম্পাদক ৰূপৰাম হাজৰিকা সহিতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সভাপতি নমিতা বৰাৰ উপস্থিতিত অনুষ্ঠিত সভাখনৰ আঁত ধৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক শুভ্ৰজিৎ গগৈয়ে।
কাইলৈ আঞ্জুকপানী ফুটবল ক্লাব আৰু বঢ়মপুৰ ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us