পুৰণিগুদামৰ কলং কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ...

একবিংশ শতিকাৰ প্ৰথম দিনটোতেই নগাঁৱৰ পুৰণিগুদামত শুভাৰম্ভ হোৱা কলং কলা কেন্দ্ৰ ও সংগ্ৰাহালয়ে সম্পূৰ্ণ কৰিলে ৰূপালী জয়ন্তী বৰ্ষ। কলং কলা কেন্দ্ৰৰ বাকৰিত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
580

ডিজিটেল সংবাদ, নগাঁও : একবিংশ শতিকাৰ প্ৰথম দিনটোতেই নগাঁৱৰ পুৰণিগুদামত শুভাৰম্ভ হোৱা কলং কলা কেন্দ্ৰ ও সংগ্ৰাহালয়ে সম্পূৰ্ণ কৰিলে ৰূপালী জয়ন্তী বৰ্ষ। কলং কলা কেন্দ্ৰৰ বাকৰিত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান।

ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে বিভিন্ন দিশৰ ২৬ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৬খনকৈ পতাকা উত্তোলন কৰে। লগতে বিভিন্ন ধৰণৰ কলা-কৰ্মশালা, স্মৃতি গ্ৰন্থ উন্মোচন,অসমৰ বিশেষ লোককলাৰ অতীত আৰু বৰ্তমানৰ ওপৰত আলোচনা চক্ৰ, ভাওনাকে ধৰি বিভিন্ন কাৰ্য্যসূচীৰ লগতে কলং কলা কেন্দ্ৰৰ বাকৰিত সুন্দৰকৈ প্ৰৰ্দশন কৰা হয়।

সংগ্ৰাহালয়ত থকা ঐতিহাসিক সমলসমূহৰো প্ৰদৰ্শনী কৰা হয়। কলং কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে উদযাপিত কাৰ্য্যসূচীত উপস্থিত থাকে নগাঁও-পুৰণিগুদামৰ বিভিন্ন প্ৰান্তৰ সমাজ সচেতন বিশিষ্ট ব্যক্তিসকল।

পুৰণিগুদাম