/asomiyapratidin/media/media_files/2025/02/02/kl3E2yqtWSn2eJ1rZOAv.png)
সৰস্বতী বাগধ্বনিৰ ৰূপালী জয়ন্তী সমাৰোহ
ডিজিটেল ডেস্ক : ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে উত্তৰ- পূৰ্বাঞ্চলৰ বধিৰৰ আধুনিক আৰু বিজ্ঞানসন্মত একমাত্ৰ শিক্ষাকেন্দ্ৰ সৰস্বতী বাগধ্বনিয়ে। এই উপলক্ষে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষাকেন্দ্ৰটোৱে উদযাপন কৰে ৰূপালী জয়ন্তী সমাৰোহ ।
/asomiyapratidin/media/media_files/2025/02/02/9A6P08hHApxITxkdhhio.jpg)
উল্লেখযোগ্য যে মহানগৰীৰ বীৰকুছিস্থিত সৰস্বতী বাগধ্বনিয়ে ২ ফেব্ৰুৱাৰী দেওবাৰৰ পৰা আৰম্ভ কৰিছে ৰূপালী জয়ন্তীৰ কাৰ্যসূচী। সেই অনুসৰি অনুষ্ঠানৰ প্ৰথম দিনটোত পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্জ্বলন আদি কাৰ্যসূচীৰ পাছতে ছাত্ৰ- ছাত্ৰীসকলে এটি সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে।
/asomiyapratidin/media/media_files/2025/02/02/CUPPRS4v5Npe88Sd87zy.jpg)
ইয়াৰ পাছতে ড০ উমেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষাকেন্দ্ৰটিৰ সম্পাদক তথা প্ৰতিষ্ঠাপক মুনীন্দ্ৰ নাথ কলিতাই।
আনহাতে মুকলি সভাত মুখ্য অতিথি হিচাপে আসন অলংকৃত কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰমেশ চন্দ্ৰ ডেকাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা, সৌৰভ চলিহা।
আজিৰ এই মুকলি সভাতে শিক্ষাকেন্দ্ৰটিয়ে ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰা স্মৰণিকা ‘বাগধ্বনি’ উন্মোচন কৰা হয়। বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত স্মৰণিকাখনি উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাই।
/asomiyapratidin/media/media_files/2025/02/02/IRiT3dTwYVeh6tvstT5F.jpg)
স্মৰণিকাখনি উন্মোচন কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কেতবোৰ মন্তব্য কৰে। লগতে তেওঁ সৰস্বতী বাগধ্বনিৰ প্ৰতিষ্ঠাপক মুনীন্দ্ৰ নাথ কলিতা আৰু তেওঁৰ সহধৰ্মিনী তথা প্ৰধান শিক্ষয়িত্ৰী ডুলুমণি কলিতাৰ প্ৰচেষ্টাৰ শলাগ লয়। বধিৰ শিক্ষাৰ্থীসকলক লৈ তেওঁলোকে কৰা কৰ্মৰাজি দেখি নিঃকিন বুলি অনুভৱ কৰে ধৈৰ্য হাজৰিকাই। লগতে উক্ত সভাত তেওঁ এটি প্ৰস্তাৱো আগবঢ়ায়। ভাষাতত্ববিদ বিশ্বেশ্বৰ হাজৰিকাই ঘৰতে স্থাপন কৰা পুথিভঁৰালটো সৰস্বতী বাগধ্বনিয়ে বিচাৰিলে দান দিয়াৰ প্ৰস্তাৱ আগবঢ়াই হাজৰিকাই।
/asomiyapratidin/media/media_files/2025/02/02/xPsO2jR64xEVz7zzNJMe.jpg)
ইফালে অনুষ্ঠানত মুখ্য অতিথি ড০ ৰমেশ চন্দ্ৰ ডেকাক প্ৰমুখ্য কৰি আন অতিথিসকলে চমু ভাষণ প্ৰদান কৰে। আজিৰ এই অনুষ্ঠানত শিক্ষাকেন্দ্ৰটিৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন গীত- মাতৰ লগতে নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।
/asomiyapratidin/media/media_files/2025/02/02/uYGLS92Q4zsXdI0AoWRZ.jpg)
অনুষ্ঠানত সুকন্যা কৌশিক আৰু শিবন্যা কৌশিকে ভোৰতাল নৃত্য পৰিৱেশন কৰে। একেদৰে শিক্ষয়িত্ৰীসকলে এটি সমবেত সংগীত পৰিৱেশন কৰি মুকলি সভাৰ শুভাৰম্ভ কৰে। তাৰোপৰি শিক্ষাকেন্দ্ৰটিৰ কেইগৰাকীমান নতুনকৈ অহা ছাত্ৰ- ছাত্ৰীয়ে কবিতা আবৃতিৰ লগতে বিহু নৃত্য আৰু অসম সংগীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
/asomiyapratidin/media/media_files/2025/02/02/NuHJd5DJJuhb3HEHXXBh.jpg)
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে উত্তৰ- পূৰ্বঞ্চলৰ বধিৰৰ একমাত্ৰ শিক্ষাকেন্দ্ৰটি ২০০০ চনৰ ৪ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰা হৈছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা সাং কৰি মুনীন্দ্ৰ নাথ কলিতাই ড০ হিতেশ ডেকাৰ পৰামৰ্শ মতে এই শিক্ষাকেন্দ্ৰটিৰ জন্ম দিছিল।