/asomiyapratidin/media/media_files/2026/01/16/1-2026-01-16-15-28-25.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মহানগৰীৰ শিলপুখুৰীতো অত্যন্ত উৎসাহ-উদ্দীপনাৰে ৩৯ সংখ্যক ভোগালী বিহু উদযাপন কৰা হয়। গুৱাহাটী ভোগালী বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজিত এই বৰ্ণিল কাৰ্যসূচীৰ বিষয়ে প্ৰচাৰ সম্পাদক বিপুল মজুমদাৰে সবিশেষ জানিবলৈ দিয়ে।
পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপনৰ শুভাৰম্ভ কৰে। দিনটোৰ কাৰ্যসূচী অনুসৰি, প্ৰথমতে বিশিষ্ট সমাজসেৱক শ্ৰীকান্ত দাসে আনুষ্ঠানিকভাৱে মেজি প্ৰজ্বলন কৰে। ইয়াৰ পাছতে সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি জ্যোতিৰ্ময় ৰাখাল গোস্বামীয়ে। ​বিহুৰ অন্যতম আকৰ্ষণ কণী যুঁজ প্ৰতিযোগিতাত বিশিষ্ট সমাজসেৱক গণেশ তামুলী আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰে অংশগ্ৰহণ কৰি উপস্থিত ৰাইজক আমোদ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/16/whatsapp-image-2026-01-16-15-28-57.jpeg)
ইয়াৰ সমান্তৰালভাৱে অনুষ্ঠিত মুকলি সভাত স্মৃতিগ্ৰন্থ 'মেজি' উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰে। মেজি উন্মোচন কৰি কবি কুমাৰে ভোগালী বিহুৰ পৰম্পৰাৰ জনমুখী যাত্ৰাৰ বিষয়ে আলোকপাত কৰাৰ লগতে ভোগালী বিষয়ক এটি কবিতা পাঠ কৰে। ​দিনৰ ভাগত শিশু আৰু চেমনীয়াসকলৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/16/whatsapp-image-2026-01-16-15-29-14.jpeg)
অনুষ্ঠানৰ শেষত যোৱা ১১ জানুৱাৰীত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলৰ লগতে খেল-ধেমালিৰ বিজয়ীসকলক বঁটা বিতৰণ কৰে। উদযাপন সমিতিয়ে জনোৱা মতে, এক সমাজমুখী পদক্ষেপ হিচাপে মহানগৰীৰ দুখনকৈ বৃদ্ধাশ্ৰমতো ভোগালীৰ জলপান বিতৰণ কৰা হয়। এই উৎৱমুখৰ পৰিৱেশত গোপাল চন্দ্ৰ দাস,দীনেশ কলিতা,পুষ্পলতা দাস, ডা সত্যেন্দ্ৰ চৌধুৰী,অৰুণজ্যোতি শইকীয়াৰ লগতে অঞ্চলটোৰ অলেখ ৰাইজ উপস্থিত থাকে। সন্ধিয়া বন্তি প্ৰজ্বলনৰ জৰিয়তে সমাজৰ মংগল কামনা কৰি আজিৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়। ভোগালী বিহুৰ সমূহ কাৰ্যসূচী পৰিচালনা কৰে সমিতিৰ সম্পাদক মুনীন কাকতিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us