/asomiyapratidin/media/media_files/2025/09/18/sili-pension-18-2025-09-18-22-55-40.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ সাংস্কৃতি সঞ্চালকালয়ৰ পৰা ২০২৫-২৬ বৰ্ষৰ অসম শিল্পী পেঞ্চনৰ বাবে আবেদন বিচাৰে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি অসম চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ পেঞ্চন/পৰিয়াল পেঞ্চন তথা বাৰ্ষিক শিল্পী সন্মানৰ লগতে ইতিমধ্যে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা প্ৰয়াত শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়ালবৰ্গলৈও বিশেষ পৰিয়াল পেঞ্চন প্ৰদান কৰি আহিছে।
অসম চৰকাৰৰ ১৯৮৭ চনত শিল্পী পেঞ্চন আৰু বিশেষ পৰিয়ল পেঞ্চনৰ সংশোধিত নিয়মাৱলীৰ অধীনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰ প্ৰয়োজনীয় প্ৰমাণ পত্ৰ সহ আবেদন আহ্বান কৰা হৈছে।
বিজ্ঞাপন অনুসৰি ইয়াৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া ১০ ছেপ্তেম্বৰ ২০২৫ ৰ দিনৰ ১২ বজাৰ পৰা আৰম্ভ হৈছে আৰু ১০ অক্টোবৰৰ নিশা ১২ বজালৈকে অব্যাহত থাকিব। অনলাইন পঞ্জীয়নৰ www.directorculture.assam.gov.in আৰু www.silpisanmanassam.com ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব। আবেদনকাৰীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰতে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। নিৰ্ধাৰিত সময়ৰ পাছত এই ৱেবছাইটৰ আবেদনৰ লিংক বন্ধ হৈ পৰিব। অধিক জানিবৰ বাবে 88226-38011 মোবাইলৰ নম্বৰত যোগাযোগ কৰিব পাৰিব।