/asomiyapratidin/media/media_files/2026/01/20/rgu-silpi-divash-news-2026-01-20-18-07-19.jpg)
ডিজিটেল ডেস্কঃ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা কেন্দ্ৰৰ মঙলবাৰে উদযাপন কৰা হয় শিল্পী দিৱস। বিশ্ববিদ্যালয়খনত অনুষ্ঠিত কৰি উদযাপন কৰা হয় শিল্পী দিৱসটি। শিল্পী দিৱস উপলক্ষে ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ শীৰ্ষক অনুষ্ঠানটি বিশ্ববিদ্যালয়খনৰ জ্যোতি মঞ্চ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়।
এই অনুষ্ঠানটিত উপস্থিত থাকে অধ্যাপক অমৰজ্যোতি চৌধুৰী, অধ্যাপক এ কে বুঢ়াগোঁহাইৰ, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য, অংকুৰ পাঞ্চাৰী, বিশ্ববিদ্যালয়খনৰ কাৰ্যবাহী উপাচাৰ্যৰ লগতে আনসকল অধ্যাপক আৰু বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বহু গণ্য-মান্য ব্যক্তিয়ে। তদুপৰি, উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিল্পী মৃদুলা দাস।
ইফালে, অনুষ্ঠানটিত অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে কয় যে- জ্যোতিপ্ৰসাদ আগৰৱালাৰ এগৰাকী এনে ব্যক্তি যি আছিল গীতিকাৰ, সংগীতঞ্জ, ছবি নিৰ্মাতা। তেখেতেই প্ৰথমখন অসমীয়া ছবি 'জয়মতী' নিৰ্মাণ কৰি উলিয়াইছিল। তেওঁক ৰূপকোঁৱৰ উপাধি দিয়া হৈছিল। কিয়নো তেওঁ আছিল ‘ৰূপৰ কোঁৱৰ’।
আনহাতে, অনুষ্ঠানটিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ শিল্প, সাহিত্য আৰু কলা-সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানক সোঁৱৰাই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক এ কে বুঢ়াগোঁহাইয়ে। উক্ত অনুষ্ঠানটিত জ্যোতিপ্ৰসাদ আগৰৱালাই সৃষ্টি কৰা গীত পৰিৱেশন কৰাৰ লগতে কবিতা আবৃত্তি কৰে ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটীৰ ফেকাল্টী আৰু ছাত্ৰ-ছাত্ৰীসকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us