ৰূপান্তৰেহে জগত ধুনীয়া কৰেঃ আজি শিল্পী দিৱস…

আজি শিল্পী দিৱস । প্ৰতিবছৰে ১৭ জানুৱাৰীৰ দিনটোত ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত এই দিৱস উদযাপন কৰা হয় । ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ আজি শিল্পী দিৱস । প্ৰতিবছৰে ১৭ জানুৱাৰীৰ দিনটোত ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত এই দিৱস উদযাপন কৰা হয় । ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাই জন্ম লাভ কৰিছিল।

১৯৫১ চনৰ ১৭ জানুৱাৰীৰ দিনটোতে মৃত্যু হৈছিল ৰূপকোঁৱৰৰ।১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া চলচিত্ৰ জয়মতীৰ নিৰ্মান কৰিছিল ।

ৰূপকোঁৱৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় শিল্পী দিৱসৰ।  উল্লেখ কৰা প্ৰয়োজন যে,  ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সুঁৱৰি এই দিৱস উদযাপন কৰা হৈছিল।

প্ৰথম অৱস্থাত এই দিনটো 'জ্যোতি দিৱস' হিচাপে পালন কৰা হৈছিল। পৰৱৰ্তী সময়ত জ্যোতি দিৱসক শিল্পী দিৱস হিচাপে নামকৰণ কৰা হয়। ১৯৫৩ চনত প্ৰথম বাৰৰ বাবে আয়োজিত এই দিৱস গুৱাহাটী আৰু বৰপেটাত পালন কৰা হৈছিল।

সেই সময়ত এই শিল্পীজনাৰ স্মৃতি জীয়াই ৰাখিবৰ হকে এই প্ৰচেষ্টাৰ বাবে আগভাগ লৈছিল ড° ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে। ভাৰতীয় গণ নাট্য সংঘৰ উদ্যোগত গুৱাহাটীৰ নবীন চন্দ্ৰ হলত এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল।

প্ৰথম বছৰৰ সেই অনুষ্ঠানত গুৱাহাটীত ৪০ জনমান লোক উপস্থিত আছিল। সেইসকলৰ ভিতৰত অন্যতম আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা জয়শ্ৰী আগৰৱালা (চলিহা), ড° মহেশ্বৰ নেওগ, অধ্যাপক ভৱানন্দ দত্ত ইত্যাদি। একেদিনাই বৰপেটাত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল শিল্পী দিলীপ দত্তই। 

শিল্পী দিৱস