/asomiyapratidin/media/media_files/2025/12/01/370-2025-12-01-23-28-23.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ : পৰিচালনা মণ্ডলীৰ কেতবোৰ ভূল সিদ্ধান্ত,অদক্ষ কৰ্তৃপক্ষৰ অপৰিপক্কতা তথা অদূৰদৰ্শী সিদ্ধান্তৰ বাৱেই সমবায়ৰ চৰিত্ৰ হেৰুৱাই একপ্ৰকাৰ ব্যক্তিগত খণ্ডৰ দিশে ধাৱমান হৈ অপমৃত্যুৰ দিশে গতি কৰা নগাঁও জিলাৰ শিলঘাটত অৱস্থিত অসম সমবায় মৰাপাট কলত এতিয়া চৰম অচলাৱস্থাৰ সৃষ্টি হৈছে। মৰাপাট কলটোলৈ মৰাপাট যোগান ধৰা ব্যৱসায়ী সকলৰ প্ৰাপ্য ৮ কোটি টকা আদায় দিব পৰা নাই মৰাপাট কল কৰ্তৃপক্ষই।
নিজৰ প্ৰাপ্য বিচাৰি হাবাথুৰি খোৱা এজন ব্যৱসায়ীয়ে হতাশাত ভুগি সোমবাৰে মৰাপাট কলৰ চৌহদত আত্মহত্যাৰ চেষ্টা চলায়। এই ঘটনাই মৰাপাট কলৰ চৌহদত তীব্ৰ চাঞ্চল্য সৃষ্টি হোৱাৰ লগতে বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
প্ৰায় ৫০ গৰাকী ব্যৱসায়ীয়ে প্ৰাপ্য ধন বিচাৰি মৰাপাট কল কৰ্তৃপক্ষৰ ওচৰত তাতবাতি কৰি আহিছে যদিও কৰ্তৃপক্ষই আওকনীয়া মনোভাৱ পোষণ কৰি গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। কাগজে - কলমে কৰ্তৃপক্ষই লাভৰ মুখ দেখাৰ কথা প্ৰচাৰ কৰি আহিছে যদিও প্ৰকৃততে ইয়াৰ এখন বিপৰীত ছবি দেখা যায়।
মৰাপাট যোগনীয়াৰ ব্যৱসায়িক ৮ কোটি ধন আদায় দিবলৈ থকা কথাই এই কথাকে প্ৰতিপন্ন কৰিছে । মৰাপাট যোগান দিয়াৰ বাবদ প্ৰাপ্য ধন আদায় সোমবাৰে মৰাপাট কল চৌহদতে বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলাই হৰধন চক্ৰৱৰ্তী নামৰ ব্যৱসায়ী গৰকীয়ে।
জিলাখনৰ আমবাগান- লাওখোৱাৰ এই গৰাকী ব্যৱসায়ীয়ে পাবলগা ১৩ লক্ষ্যাধিক টকা বিচাৰি বাৰম্বাৰ মৰাপাট কল কৰ্তৃপক্ষৰ কাষ চাপিছিল যদিও বিফল হোৱাত মানসিক ভাৰসাম্য হেৰুৱাই মৰাপাট কলৰ চৌহদতে বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলায়। বিহপান কৰি গুৰুতৰ ভাবে অসুস্থ হৈ পৰা ব্যৱসায়ী জনক ততালিকে জখলাবন্ধাস্থ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক তেজপুৰলৈ প্ৰেৰণ কৰা হয়।
মৰাপাট কলত মৰাপাট যোগান ধৰা ব্যৱসায়ী সকলৰ প্ৰতিজনে ১০/১২ লাখ টকাৰ পৰা ৩০/৩৫ লাখ টকা পাবলৈ আছে। বৃহৎ পৰিমানৰ ধন আদায় নোপোৱাত মৰাপাট যোগনীয়াৰ সকল মানসিক ভাবে ভাগি পৰিছে। যাৰ পৰিণতিত আজি এজন যোগনীয়াৰে আত্মহত্যাৰ চেষ্টা কৰাৰ দৰে অবাঞ্চিত পথ বাচি লগা হ'ল ।
এনে পৰিস্থিতিয়ে মৰাপাট কলটোৰ আৰ্থিক স্বচ্ছতাৰ ক্ষেত্ৰত বিভিন্ন জনৰ মনত প্ৰশ্নৰ উদয় হৈছে। ইপিনে সন্ধিয়া উদ্যোগ কৰ্তৃপক্ষৰ সৈতে ব্যৱসায়ীসকলৰ এখন বৈঠক অনুষ্ঠিত হয় । উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা উক্ত বৈঠকত মিল কৰ্তৃপক্ষই দুদিনৰ ভিতৰত ব্যৱসায়ী সকলক ৬০ শতাংশ ধন আদায় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us