লামডিং কংগ্ৰেছৰ মৌন প্ৰতিবাদ...

বাংলাদেশত ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত চলি থকা ধাৰাবাহিক হত্যা আৰু নিৰ্যাতন বন্ধ কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত আছে অসমত।

author-image
Asomiya Pratidin
New Update
530

ডিজিটেল সংবাদ, লামডিং : বাংলাদেশত ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত চলি থকা ধাৰাবাহিক হত্যা আৰু নিৰ্যাতন বন্ধ কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত আছে অসমত। মহম্মদ ইউনুছ চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে লামডিং কালিবাড়ী ৰোডত লামডিং পৌৰ ব্লক কংগ্ৰেছৰ উদ্যোগত হাতে হাতে মম লৈ উলিওৱা হয় মৌন  প্ৰতিবাদী সমদল ৷

এই প্ৰতিবাদত প্ৰায় শতাধিক লোকে অংশ গ্ৰহণ কৰে৷মহম্মদ ইউনুছ আৰু মোদী ভাই ভাই, বাংলাদেশ হুচিয়াৰ, মঃ ইউনুছ গ’ বেক, হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰে। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলাই অহা এনে বৰ্বৰতাৰ বিৰুদ্ধে ভাৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰাক্তন বিধায়ক স্বপন কৰে।

লামডিং