জুবিন গাৰ্গৰ বিয়োগত স্তব্ধ জনজীৱন...

জুবিন গাৰ্গ আৰু নাই। এই কথা যেন মানি ল’ব পৰা নাই কোনেও। সকলোতে দুখৰ চিন স্পষ্ট। ৰাস্তা-ঘাট, জীৱ- জন্তু আদি চাৰিওফালে এতিয়া নিমাওমাও পৰিৱেশ। 

author-image
Asomiya Pratidin
New Update
395

ডিজিটেল ডেস্ক : জুবিন গাৰ্গ আৰু নাই। এই কথা যেন মানি ল’ব পৰা নাই কোনেও। সকলোতে দুখৰ চিন স্পষ্ট। ৰাস্তা-ঘাট, জীৱ- জন্তু আদি চাৰিওফালে এতিয়া নিমাওমাও পৰিৱেশ। 

স্তব্ধ হৈ পৰিছে জনজীৱন। খাটিখোৱা জনৰ পৰা আদি কৰি অফিচ- কাছাৰীলৈ যোৱা কৰ্মচাৰীজনলৈকে সকলোৱে আজি জুবিন গাৰ্গৰ বাবে উচুপি উঠিছে। সংবাদ মাধ্যমৰ কাৰ্যালয়তো জুবিন গাৰ্গৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে। 

সাংবাদিক- সংবাদকৰ্মীসকলে বাতৰি পৰিৱেশন কৰি থকাৰ মাজতে হৈ পৰিছে আবেগিক। ইফালে জুবিন গাৰ্গৰ নশ্বহ দেহ অহাৰ পূৰ্বৰে পৰা গুৱাহাটী মহানগৰীৰ দোকান- পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আদি স্বতঃস্ফুৰ্তভাৱে বন্ধ হৈ পৰিছে। জুবিনবিহীন ৰাতিপুৱা সঁচাকৈ বৰ কৰুণ...

জুবিন গাৰ্গ