শিলচৰৰ ঘুংগুৰত সংস্থাপন পূৰৱী ডেইৰীৰ নতুন প্ৰকল্প

অসম দুগ্ধ উন্নয়ন আঁচনিৰ অধীনত শিলচৰৰ  ঘুংগুৰত সংস্থাপন কৰা হৈছে পূৰৱী ডেইৰীৰ এটা নতুন  প্ৰকল্প। নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেডে ১০ কোটি ব্যয়েৰে এই প্লানটো পুনঃনিৰ্মাণ  কৰিছে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-01 at 5.01.38 PM

ডিজিটেল সংবাদ, শিলচৰঃ  প্ৰথমবাৰৰ বাবে বৰাকত উপলব্ধি হ'ব পূৰৱী গাখীৰৰ পেকেট। অসম দুগ্ধ উন্নয়ন আঁচনিৰ অধীনত শিলচৰৰ  ঘুংগুৰত সংস্থাপন কৰা হৈছে পূৰৱী ডেইৰীৰ এটা নতুন  প্ৰকল্প। নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেডে ১০ কোটি ব্যয়েৰে এই প্লানটো পুনঃনিৰ্মাণ  কৰিছে। 

দৈনিক ২০ হাজাৰ লিটাৰ গাখীৰ উৎপাদন ক্ষমতা সম্পন্ন এই প্ৰকল্পটো অহা সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিব। বৰ্তমান পাঁচ হাজাৰ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ বান্ধি লোৱা হৈছে।  শিলচৰৰ এই প্ৰকল্পটোত প্ৰথমাৱস্থাত মাত্ৰ দুটা চাইজত পূৰবী গাখীৰৰ পেকেটহে উৎপাদন কৰা হ'ব।‌ ৫০০ মিলি লিটাৰ  আৰু ২৫০ মিলি গ্ৰামৰ দুটা  পেকেট উপলব্ধ হ'ব এই প্ৰকল্পটোত। 

তিনি প্ৰকাৰৰ মিঠা দৈ আৰু সাধাৰণ দৈ উপলব্ধ হ'ব এই পূৰৱী ডেইৰীত। পূৰৱী গাখীৰৰ পেকেট  উৎপাদনৰ বাবে দৈনিক ২০ হাজাৰ লিটাৰ গাখীৰৰ প্ৰয়োজন হ'ব । গুৱাহাটীৰ পৰা আমদানি কৰি বৰ্তমান উৎপাদন আৰম্ভ কৰা হৈছে। পৰৱৰ্তী সময়ত বৰাকৰ তিনিওখন জিলাৰ পৰা  গাখীৰ সংগ্ৰহ কৰি উৎপাদন কৰা হ'ব। 

শিলচৰ