জনসাধাৰণক হাৰাশাস্তি কৰা সুদখোৰক গ্ৰেপ্তাৰ

শিলচৰত একাংশ সুদখোৰে চলাই গৈছে ৰমৰমীয়া ব্যৱসায়।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-21 at 1.19.38 PM

 ডিজিটেল সংবাদ,শিলচৰঃ  চৰকাৰ-প্ৰশাসনে সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তেই  পুনৰ সুদখোৰৰ হাৰাশাস্তি সন্মুখীন হৈছে এগৰাকী মহিলা।  

ঘটনাৰ বিৱৰণী মতে, শিলচৰত একাংশ সুদখোৰে ৰমৰমীয়া ব্যৱসায় চলাই গৈছে। অবৈধ ভাবে সুদৰ ব্যৱসায় কৰি একাংশ লোকক হাৰাশাস্তি কৰি লাখ লাখ টকা আদায় কৰা সুদখোৰক অৱশেষত গ্ৰেপ্তাৰ কৰে শিলচৰ আৰক্ষীয়ে। লগতে জব্দ কৰে এটা লেপটপ আৰু মোবাইল ফোন।

অভিযোগ অনুসৰি শিলচৰ মালুগ্ৰামৰ সুমন নাথ নামৰ‌ সুদখোৰে দীৰ্ঘদিন ধৰি অবৈধ সুদৰ টকাৰ‌ ব্যৱসায় চলাই আহিছিল। অতিৰিক্ত সুদৰ হাৰত ঋণ প্ৰদান কৰি বহু লোকক ভয়, ভাবুকি দি লাখ লাখ টকা আদায় কৰি আহিছিল । এগৰাকী  ভুক্তভোগী মহিলাই আৰক্ষীৰ ওচৰত কৰা অভিযোগ অনুসৰি ২০১৯ চনত ভুক্তভোগী পৰিয়ালটোৰ আৰ্থিক সংকটৰ সময়ত সুমন নাথে মাহিলী  ৫% সুদত ভুক্তভোগী পৰিয়ালটোক  ১ লাখ টকা ধাৰলৈ দিছিল। টকা ধাৰ দিয়াৰ পিছত সুমন নাথে পৰিয়ালটোৰ পৰা এটি এম কাৰ্ড, পিন নম্বৰৰ লগতে স্বাক্ষৰিত খালী চেক আৰু উকা কাগজত স্বাক্ষৰ গ্ৰহণ কৰিছিল পৰিয়ালটোৰ পৰা । 

WhatsApp Image 2025-11-21 at 8.06.10 AM

উল্লেখ্য যে ঋণ লোৱাৰ পিছৰ পৰা যোৱা পাঁচ বছৰত ভুক্তভোগী  মহিলা‌ গৰাকীয়ে প্ৰায়  ৫ লাখ টকা পৰিশোধ কৰিছিল। ইয়াৰ পিছতো সুমন নাথে পৰিয়ালটোক অবৈধভাৱে অধিক ধন দাবী কৰি ভয় দেখুৱাইছিল। আনকি, ভুক্তভোগী মহিলা গৰাকীয়ে যদি প্ৰতিবাদ কৰে, তেন্তে  মহিলাগৰাকীৰ ছোৱালীজনীক অপহৰণ কৰিব বুলিও ভাবুকি প্ৰদান কৰিছিল। অকল ইমানেই নহয়, খালী চেকৰ অপব্যৱহাৰ কৰি চেক বাউন্স  হোৱা গোচৰো তৰিছিল মহিলা গৰাকীৰ বিৰুদ্ধে। 

WhatsApp Image 2025-11-21 at 8.06.27 AM

আনফালে  মহিলাগৰাকীক এনেদৰে ভয়‌ দেখুৱাই পুনৰ‌ ১ লাখ ৮০ টকা আদায় কৰে এই সুদখোৰে।  ইপিনে সুমন নাথৰ ওপৰত ভুক্তভোগীৰ মোবাইল ফোন,লেপটপৰ লগতে অবৈধ ধনৰ লেনদেনৰো প্ৰমাণ পোৱা যাব বুলি আৰক্ষীৰ ওচৰত অভিযোগ কৰিছিল ভুক্তভোগীয়ে। এই অভিযোগৰ‌‌ ভিত্তিত সুদখোৰ সুমন নাথক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

শিলচৰ সুদখোৰ