উত্তেজিত ৰাইজে জ্বলাই দিলে এখন স্কৰপিঅ' বাহন

শিলচৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। দুৰ্ঘটনাত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে জ্বলাই দিয়ে এখন স্কৰপিঅ বাহন।

author-image
Asomiya Pratidin
New Update
new ap web 4 (9)

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। দুৰ্ঘটনাত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে জ্বলাই দিয়ে এখন স্কৰপিঅ বাহন।

এই ঘটনাৰ পিছত তীব্ৰ উত্তেজনাই দেখা দিছে শিলচৰৰ মেহেৰপুৰ বটৰতলত। জানিব পৰা মতে, এখন তীব্ৰবেগী স্কৰপিঅ বাহনৰ খুন্দাত থিতাতে নিহত হয় সুশীল দাস নামৰ যুবক জন। এই দুৰ্ঘটনা সংঘটিত কৰি স্কৰপিও খনৰ চালকজনে পলায়ন কৰে।

ইয়াৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় লোক। ক্ষুদ্ধ ৰাইজে পথৰ ওপৰতে জ্বলাই দিয়ে ঘাটক স্কৰপিও খন। ইতিমধ্যে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলাইছে যদিও বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী জনাইছে উত্তেজিত লোক সকলে।

শিলচৰ