শিলচৰত উদযাপন ৭৭ সংখ্যক গণৰাজ্য দিৱস

অনুষ্ঠানত অংশগ্ৰহণ কৰা শিল্পী সকলৰ লগতে সমাজৰ প্ৰতি বিশেষ বৰঙণি আগবঢ়োৱা কেইবাজনো লোকক প্ৰশংসা পত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰে মন্ত্ৰী কৌশিক ৰায়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শিলচৰঃ সমগ্ৰ দেশৰ লগতে শিলচৰতো ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী কৌশিক ৰায়ে। পতাকা উত্তোলন কৰি  ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে। 

WhatsApp Image 2026-01-26 at 1.46.36 PM

ইয়াৰ পাছত অসম আৰক্ষী, মহিলা আৰক্ষী, ট্ৰেফিক আৰক্ষী, ৬ষ্ঠ অসম আৰক্ষী বেটেলিয়ন,চি আৰ পি, বি এছ এফ, গৃহৰক্ষী বাহিনী, এন চি চি, স্কাউট এণ্ড গাইড সহ বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰদৰ্শন কৰা কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে। অনুষ্ঠানত বিভিন্ন চৰকাৰী বিভাগে গ্ৰহণ কৰা আচনি ৰূপায়নৰ‌ টেবলোৰ জৰিয়তে প্ৰদৰ্শন কৰে।  বিভিন্ন জাতি জনগোষ্ঠীৰ শিল্পী সকলে সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰা শিল্পী সকলৰ লগতে সমাজৰ প্ৰতি বিশেষ বৰঙণি আগবঢ়োৱা  কেইবাজনো লোকক প্ৰশংসা পত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰে মন্ত্ৰী কৌশিক ৰায়ে।

WhatsApp Image 2026-01-26 at 1.40.36 PM

শিলচৰ