গোৱাৰ নাইট ক্লাৱত নিহত শিলচৰৰ ২ যুৱকঃ আজি বাসগৃহত আহি পাব নশ্বৰদেহ

ৰাহুল তাঁতী ২৪ নবেম্বৰত কামৰ সন্ধানত গোৱালৈ গৈছিল। সেই অভিশপ্ত নৈশ ক্লাবত ৱেটাৰ‌ হিচাপে কাম কৰিছিল। ঘটনাৰ দিনা শনিবাৰে চাকৰিত যোগদান কৰিছিল।

author-image
Asomiya Pratidin
New Update
new ap web 3 (12)

ডিজিটেল সংবাদ, শিলচৰঃ শনিবাৰে নিশা গোৱাৰ নৈশ ক্লাৱত সংঘটিত অগ্নিকাণ্ডত‌ মৃত্যু হয় কাছাৰ জিলাৰ ৰাহুল তাঁতী নামৰ ৩২ বছৰীয়া এজন যুৱকৰ। ৰাহুলৰ‌ ঘৰ কাছাৰ জিলাৰ কাঠাল বাগানত। ৰাহুল‌ তাতীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে বাসগৃহত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। 

Captureghhh
মৃত ৰাহুল তাঁতী

পৰিয়ালৰ ভৰণ পোষণ দিয়াৰ বাবে সুদুৰ‌ গোৱালৈ‌ যোৱা‌ পুত্ৰৰ মৃত্যুৰ শোকত ভাগি পৰিছে পৰিয়ালটো। ৰাহুল তাঁতী ২৪ নবেম্বৰত কামৰ সন্ধানত গোৱালৈ গৈছিল। সেই অভিশপ্ত নৈশ ক্লাবত ৱেটাৰ‌ হিচাপে কাম কৰিছিল। ঘটনাৰ দিনা শনিবাৰে চাকৰিত যোগদান কৰিছিল। সেইদিনা নিশাই সংঘটিত হৈছিল অগ্নিকাণ্ড।সেই অগ্নিকাণ্ডতে মৃত্যু হয় ৰাহুলৰ।

Capturedsdsdsdsd

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে এটা কোঠাত সোমাই জীৱন ৰক্ষাৰ চেষ্টা চলাইছিল ৰাহুল আৰু কেইজনমান সহকৰ্মীয়ে। সেই কোঠাতে শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে ৰাহুলৰ।‌ ৰাহুলে‌ পত্নী, তিনিটা সন্তান, পাচ ভাই আৰু পিতৃমাতৃক এৰি‌ যায়।  

ইফালে, ৰাহুলৰ পিতৃ‌ বাবুল তাঁতীয়ে জানিবলৈ দিয়া মতে, যোৱা ২৪ নবেম্বৰত কামৰ সন্ধানত গোৱালৈ গৈছিল ডাঙৰ পুত্ৰ ৰাহুল। দহ বছৰ‌ পূৰ্বে বিয়া হোৱা‌ ৰাহুলৰ আছে দুগৰাকী কন্যা আৰু আৰু এটি পুত্ৰ‌ সন্তান। পৰিয়ালটোৰ‌ ভৰণ পোষণ বাবেই গোৱালৈ কামৰ‌ সন্ধানত গৈছিল ৰাহুল। কিন্তু নিষ্ঠুৰ‌ নিয়তিয়ে কাঢ়ি নিলে যুবকজনৰ প্ৰাণ। বৰ্তমান ‌মৃতদেহ মৰনোত্তৰ‌ পৰীক্ষাৰ পিছত বৰ্তমান গোৱাৰ মেডিকেল কলেজ হাস্পতালত আছে। আজি ৰাহুলৰ মৃতদেহ কাছাৰৰ‌ নিজ ঘৰলৈ অনাৰ সম্ভাৱনা আছে।

Capturedsdsdsdsdsdsdsds

আনহাতে, গোৱাৰ নৈশ ক্লাবত মৃত্যু হোৱা কাছাৰৰ শিলকুৰিৰ মনজিৎ মালৰ ঘৰতো শোকাকুল পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। মৃত মনজিতৰ ঘৰ কাছাৰৰ শিলকুৰি ধৰমখাল গাঁৱত। অগ্নিকাণ্ড সংঘটিত হোৱা ক্লাৱটোত কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল মনজিৎ মাল। যোৱা ডেৰ বছৰ ধৰি ক্লাবটোত কৰ্মৰত আছিলে মনজিৎ।

WhatsApp Image 2025-12-08 at 1.26.30 PM
মনজিৎ মাল

ডেৰ মাহ আগতে নিজ বাসগৃহত ভনীয়েকৰ বিয়াৰ শেষবাৰৰ বাবে আহিছিল মনজিৎ। মনজিৎ আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। মনজিতৰ মৃত্যুত ভাঙি পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। তেওঁৰ মৃতদেহো আজি ঘৰলৈ অনাৰ সম্ভৱনা আছে বুলি জানিব পৰা গৈছে।

গোৱা