শিলচৰত প্ৰায় ১.২৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ

শেহতীয়াকৈ আৰক্ষী আৰু ৩৮ নম্বৰ অসম ৰাইফলছে গোপন খবৰৰ ভিত্তিত শিলচৰ - ৰামনগৰ বাইপাচত অভিযান চলাই এখন বাহনৰ পৰা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে।  

author-image
Asomiya Pratidin
New Update
hrtyrfedffd

ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষী আৰু অসম ৰাইফলছৰ বৃহৎ সাফল্য লাভ কৰে। শেহতীয়াকৈ আৰক্ষী আৰু ৩৮ নম্বৰ অসম ৰাইফলছে গোপন খবৰৰ ভিত্তিত শিলচৰ - ৰামনগৰ বাইপাচত অভিযান চলাই এখন বাহনৰ পৰা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে।  

ধলাইৰ পৰা শিলচৰ অভিমুখী AS 11U- 5969 নম্বৰৰ Maruti Baleno বাহন খনত তালাচী চলাই আৰক্ষীয়ে বাহন খনৰ গোপন চেম্বাৰৰ পৰা ১৭টা হেৰ'ইন ভৰ্তি টা চাবোনৰ বাকচ জব্দ কৰিছে বুলি জানিব পৰা গৈছে। বাকচ কেইটাৰ পৰা মুঠ ২০৯ গ্ৰাম হেৰ'ইন জব্দ কৰা হৈছে। জব্দ কৰা হেৰ'ইনৰ মূল্য  ক'লা বজাৰত প্ৰায় ১.২৫ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।

আনহাতে, এই হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে চাহাজ উদ্দিন নামৰ ধলাই ৰাজনগৰৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। লগতে ড্ৰাগছ সৰবৰাহ কৰা বাহন খনো জব্দ কৰা হৈছে। ড্ৰাগছ খিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল বুলি জানিব পৰা গৈছে।

শিলচৰ