শিলচৰত পুনৰ‌ জব্দ পিষ্টলসহ গুলীঃ এজনক গ্ৰেপ্তাৰ

অবৈধ মাৰণাস্ত্ৰৰ‌ বিৰুদ্ধে অভিযান চলাই শিলচৰ আৰক্ষীয়ে এটা পিষ্টল আৰু ছয়টা সক্ৰিয় গুলী জব্দ কৰিছে।

author-image
Asomiya Pratidin
New Update
fghfhghjhtryr6y

ডিজিটেল সংবাদ, শিলচৰঃ অবৈধ মাৰণাস্ত্ৰৰ‌ বিৰুদ্ধে অভিযান চলাই শিলচৰ আৰক্ষীয়ে এটা পিষ্টল আৰু ছয়টা সক্ৰিয়গুলী জব্দ কৰিছে। বিশেষ তথ্যৰ ভিত্তিত শিলচৰ সদৰ থানাৰ টাউন ব্ৰাঞ্চৰ আৰক্ষীয়ে শ্ৰীকোণাৰ কুঁৱাৰপাৰত অভিযান চলাই এটা ফেক্টৰী মেড পইন্ট টু টু এয়াৰ পিষ্টল আৰু ৬ টা সক্ৰিয় গুলী জব্দ কৰে।

ইফালে, মাৰণাস্ত্ৰ মজুত ৰখাৰ অভিযোগত‌ আৰক্ষীয়ে আব্দুল জলিল চৌধুৰী নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ধৃত ব্যক্তি জনৰ ঘৰ শ্ৰীকোণাৰ ছিবিটা বিছিয়াত। তেওঁৰ পৰা এটা মোবাইল ফোনও জব্দ কৰে আৰক্ষীয়ে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।

শিলচৰ