কাছাৰত জব্দ নিচাজাতীয় সামগ্ৰী, গ্ৰেপ্তাৰ ১জন সৰবৰাহকাৰী

কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই  আৰক্ষী আৰু অসম ৰাইফলছে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত লক্ষীপুৰৰ উজান তাৰাপুৰত অভিযান চলাই জব্দ কৰা হয় হেৰ'ইন খিনি।

author-image
Asomiya Pratidin
New Update
new ap web 3 (1)

ডিজিটেল সংবাদ শিলচৰঃ কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই  আৰক্ষী আৰু অসম ৰাইফলছে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত লক্ষীপুৰৰ উজান তাৰাপুৰত অভিযান চলাই জব্দ কৰা হয় হেৰ'ইন খিনি।

আৰক্ষীৰ এই অভিযানত হেৰ'ইন ভৰ্তি ৩০ টা চাবোনৰ বাকচ জব্দ কৰা হয়। চাবোনৰ বাকচ কেইটাৰ পৰা মুঠ ৪০১ গ্ৰাম হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা হেৰ'ইনৰ মুল্য প্ৰায় তিনি কোটি টকা। হেৰ'ইনৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখযোগ্য যে, জব্দকৃত হেৰ'ইন খিনি চুবুৰীয়া ৰাজ্য মনিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল। এই ড্ৰাগছ বিৰোধী অভিযানৰ নেতৃত্ব দিছিল আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।

কাছাৰ