/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/854e6817-ea60-4650-a2e4-33b5463cb612/silchar_sor.jpg)
Car thief
ডিজিটেল সংবাদ, শিলচৰঃ গাড়ী চোৰ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে এটা গাড়ী চোৰ চক্ৰক উৎখাত কৰিবলৈ সক্ষম হয় ৷ লগতে চুৰি হোৱা এখন অটো ২৪ ঘন্টাৰ ভিতৰত উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ যোৱা বুধবাৰে ধলাাই দৰ্মিবজাৰৰ পৰা চুৰি হোৱা এখন অটোৰ সন্ধানত অভিযান চলাই ধলাই আৰু সোণাই আৰক্ষীয়ে। বৃহস্পতিবাৰে নিশা সোণাই এলেকাৰ পৰা উদ্ধাৰ কৰে চুৰি হোৱা অটোখন ৷ লগতে গ্ৰেপ্তাৰ কৰা হয় দুজন গভাইত গাড়ী চোৰক ৷
সোণাই থানাৰ অ' চি মহাত্মা মানস সন্দিকৈ আৰু ধলাই থানাৰ উপ পৰিদৰ্শক শ্যামলী গগৈৰ নেতৃত্বত চলোৱা অভিযানত কুখ্যাত গাড়ী চোৰ ধলাই সুন্দৰীৰ বক্তাৰ হুছেইন আৰু মজিবুদ্দিন লস্কৰক গ্ৰেপ্তাৰ কৰা হয় ৷ চুৰি হোৱাৰ ২৪ ঘন্টাৰ ভিতৰত অটোখন উদ্ধাৰ কৰাত সোণাই আৰু ধলাই আৰক্ষীক ধন্যবাদ জনাইছে স্থানীয় ৰাইজে ৷
ধৃত গাড়ী চোৰ বক্তাৰ হুছেইন আৰু মজিবুদ্দিন কেবাখনো গাড়ী চুৰিৰ ঘটনাৰ লগত জৰিত বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ চোৰ দুজনক জেৰা কৰাৰ পিচত তেওঁলোকে নিজেই স্বীকাৰ কৰিছে গাড়ী চুৰি কৰা বিষয়টো ৷ চুৰি হোৱা গাড়ী সমূহ উদ্ধাৰ কৰাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷