কাছাৰত জব্দ ২ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী, এজনক গ্ৰেপ্তাৰ

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। নিশা কচুদৰম পঞ্চম খণ্ডত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰে।

author-image
Asomiya Pratidin
New Update
efsdss

ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। নিশা কচুদৰম পঞ্চম খণ্ডত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, গোপন তথ্যৰ‌ ভিত্তিত নিশা আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত কচুদৰম পঞ্চম খণ্ডৰ বাসিন্দা আনোৱাৰ হুছেইনৰ ঘৰত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান। অভিযানত হেৰ'ইন ভৰ্তি ৩০ টা চাবোনৰ বাকচ জব্দ কৰে আৰক্ষীৰ দলটোৱে। বাকচ কেইটাৰ পৰা মুঠ ৩৫৬ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় দুই কোটি টকা বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে।

ইফালে, ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা হেৰ'ইন খিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা কাছাৰলৈ সৰবৰাহ কৰা হৈছিল বুলি জানিব পৰা গৈছে। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ধৃত আনোৱাৰ হুছেইনক সোধা পোছা কৰি তদন্ত আৰম্ভ কৰিছে।

কাছাৰ