/asomiyapratidin/media/media_files/2026/02/23/4-2026-02-23-11-16-19.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ চাৰি দফীয়া দাবী সন্দৰ্ভত মঙলবাৰে অসম চৰকাৰৰ সৈতে দিছপুৰত আলোচনাত বহিব বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ কেইবাটাও সংগঠন। প্ৰাথমিক শিক্ষা স্তৰত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা প্ৰচলন,তিনি শতাধিক শিক্ষকৰ পদ সৃষ্টি,বিষ্ণুপ্ৰিয়া মণিপুৰী সকলক কেন্দ্ৰীয় OBCৰ স্বীকৃতি দিয়া আৰু তেওঁলোকক অটোনমাছ কাউঞ্চিলৰ অন্তৰ্ভুক্ত কৰাৰ দাবীত যোৱা ১২ ফেব্ৰুৱাৰীৰ পৰা শিলচৰত সত্যাগ্ৰহ অনশনত বহিছিল বিষ্ণুপ্ৰিয়া মণিপুৰীসকল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/23/whatsapp-im-2026-02-23-11-14-18.jpeg)
উল্লেখ্য যে, যোৱা শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে অনশনকাৰী সকলৰ প্ৰতিনিধি দলক শিলচৰত সাক্ষাৎ কৰি কাইলৈ অসম সচিবালয়ত বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সৈতে আলোচনাত বহাৰ বাবে আমন্ত্ৰণ জনাইছিল। মুখ্যমন্ত্ৰীৰ এই আমন্ত্ৰণৰ পাছতে ৯ দিনৰ মুৰত অনশন প্ৰত্যাহাৰ কৰিছিল অনশনকাৰীসকলে। ইফালে, চৰকাৰৰ এই সদিচ্ছাক স্বাগতম জনাই আলোচনাত বহিবলৈ সাজু হৈছে সংগঠন কেইটা।
দেওবাৰে শিলচৰৰ চেংকুৰিত অনুষ্ঠিত নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী ছাত্ৰ সন্থা আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী গণসংগ্ৰাম পৰিষদৰ সাধাৰণ সভাত চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাই বিষ্ণুপ্ৰিয়া মণিপুৰীসমাজে। কাইলৈ এই আলোচনাত তেওঁলোকৰ দাবী কাৰ্যকৰী নহ'লে পুনৰ তীব্ৰ আন্দোলন গঢ়াৰ ভাবুকি প্ৰদান কৰিছে বিষ্ণুপ্ৰিয়া মণিপুৰীসকলে। লগতে সভাত বিভিন্ন শ্ল'গান দি এইবাৰ সমগ্ৰ ৰাজ্যজুৰি ভয়ংকৰ আন্দোলন গঢ়িব বুলি চৰকাৰক সকীয়নি প্ৰদান কৰিছে দলকেইটাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/23/whatsapp-im-2026-02-23-11-14-42.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us