কাছাৰত ২৯ বস্তা আফু গুটি জব্দ

বালাচৰাৰ টোলগেটৰ ওচৰত তালাচী চলাই আৰক্ষীয়ে এখন বলেৰ' পিক আপ ভেনৰ‌ পৰা ২৯ বস্তা আফু গুটি জব্দ কৰে ।

author-image
Asomiya Pratidin
New Update
72

ডিজিটেল সংবাদ, শিলচৰঃ  কাছাক আৰক্ষীৰ বৃহৎ সফলতা ।  চোৰাং আফু গুটিৰ বিৰুদ্ধে অভিযান চলাই চি আৰ পি আৰু কাছাৰ আৰক্ষীয়ে বুজন পৰিমাণৰ আফু গুটি জব্দ কৰে। 

WhatsApp Image 2025-12-02 at 8.54.22 AM

গোপন তথ্যৰ‌ ভিত্তিত ১৫৫ নম্বৰ চি আৰ পি, উদাৰবন্দ আৰু বৰখলা আৰক্ষীৰ যুটীয়া অভিযানত শিলচৰ -হাফলং পথত জব্দ কৰে আফু গুটিখিনি। বালাচৰাৰ টোলগেটৰ ওচৰত তালাচী চলাই এখন বলেৰ' পিক আপ ভেনৰ‌ পৰা ২৯ বস্তা আফু গুটি জব্দ কৰে। আফু গুটি খিনিৰ ওজন প্ৰায় ৮ কুইন্টল আৰু ইয়াৰ বজাৰ মূল্য কেইবা লাখ টকা বুলি আৰক্ষী প্ৰকাশ কৰিছে। 

image (5)

আফু গুটিখিনি মিজোৰামৰ ভাইৰেংটিৰ পৰা গুৱাহাটীলৈ নিয়াৰ পথত জব্দ কৰে। কোনো বৈধ নথি-পত্ৰ অবিহনে সৰবৰাহ কৰা বাবে জব্দ কৰা হয় আফু গুটিখিনি। আফু গুটি সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ধলাই জামালপুৰৰ খাইৰুল ইছলাম লস্কৰ আৰু আছিফুৰ ৰহমান বৰভুঞাকো গ্ৰেপ্তাৰ কৰিছে। 

WhatsApp Image 2025-12-02 at 8.54.22 AM (1)

শিলচৰ