/asomiyapratidin/media/media_files/2025/12/01/1-2025-12-01-18-18-41.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ ৩৩ গৰাকী খেলুৱৈ। কলকতাৰ The South City international School ত
অনুষ্ঠিত National Full Contact Karate Championship 2025 ত অংশগ্ৰহণ কৰি অসমৰ মুঠ ৩৩ গৰাকী খেলুৱৈয়ে সোণ ৰূপ আৰু ব্ৰঞ্জৰ মেডেল লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/1-2025-12-01-18-16-55.jpeg)
ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰায় ৫০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই টুৰ্ণামেণ্টত অসমৰ ৩৩ গৰাকী খেলুৱৈয়ে মেডেল লাভ কৰে। অসমৰ খেলুৱৈয়ে সোণৰ ১৫ টা, ৰূপৰ ৯টা আৰু ব্ৰঞ্জৰ ৯টা মেডেল লাভ কৰা পৰিলক্ষিত হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/2-2025-12-01-18-17-49.jpeg)
ইয়াৰ ভিতৰত কাছাৰ জিলাৰ উদাৰবন্দৰ OM Martial Arts Academyৰ অনুজ ৰাজবংশীয়ে কণিষ্ঠ শাখাত সোণৰ মেডেল, অক্ষিতা ৰাজবংশীয়ে ব্ৰঞ্জৰ আৰু জ্যেষ্ঠ শাখাত ৰুহি দাসে ৰূপৰ মেডেল লাভ কৰি কাছাৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। ইপিনে অনুজ ৰাজবংশী আৰু অক্ষিতা ৰাজবংশী দুয়ো ভাই-ভনী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-image-2025-12-01-18-17-20.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us