প্ৰথমবাৰৰ বাবে বৰাকত প্ৰদূষণ সম্পৰ্কীয় ঐতিহাসিক চুক্তি স্বাক্ষৰ

অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ অধ্যক্ষ ড॰ অৰূপ কুমাৰ মিশ্ৰৰ উদ্যোগত এই চুক্তি স্বাক্ষৰিত।

author-image
Asomiya Pratidin
New Update
5

ডিজিটেল সংবাদ শিলচৰঃ শিলচৰৰ অসম বিশ্ববিদ্যালয় আৰু মেছাৰ্ছ বিনবেগ ই-ৱেষ্ট ৰিচাইকলাৰ্ছ এণ্ড ৰিফাৰ্বিছিং প্ৰাইভেট লিমিটেডৰ মাজত ই-ৱেষ্টৰ বৈজ্ঞানিক নিষ্কাশনৰ বাবে এখন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ অধ্যক্ষ ড॰ অৰূপ কুমাৰ মিশ্ৰৰ উদ্যোগত প্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত প্ৰদূষণ সম্পৰ্কীয় এই ঐতিহাসিক চুক্তি খন স্বাক্ষৰিত হয়। 

WhatsApp Image 2025-11-24 at 3.11.36 PM

উল্লেখ্য যে, অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য  অধ্যাপক ৰাজীৱ মোহন পণ্ট আৰু কম্পিউটাৰ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড॰ প্ৰদীপ্ত দাসৰ‌ উপস্থিতিত এই গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়।

WhatsApp Image 2025-11-24 at 3.13.14 PM

আনফালে ই-ৱেষ্ট মেনেজমেন্ট ৰুলছ, ২০২২ অনুসৰি, অসম বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰায় তিনি দশক ধৰি পৰি থকা প্ৰায় ৩.০ টন পুৰণি ই-ৱেষ্ট বিনবেগলৈ হস্তান্তৰ কৰে। 

WhatsApp Image 2025-11-24 at 3.14.34 PM

তাৰোপৰি  এই চুক্তি স্বাক্ষৰৰ সময়ত অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ সদস্য সচিব ড॰ গৌতম কৃষ্ণ মিশ্ৰ, শিলচৰ আঞ্চলিক কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা  অৰবিন্দ দাস উপস্থিত থাকে।

WhatsApp Image 2025-11-24 at 3.14.58 PM

শিলচৰ