শিলচৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ স্থায়ী আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ‌ ভূমি পূজন সম্পন্ন

শিলচৰৰ দুধপাটিল দ্বিতীয় খণ্ডত চৰকাৰে মঞ্জুৰ কৰা তিনি বিঘা মাটিত শিলচৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় স্থাপনৰ বাবে ভূমি পূজন কৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰ আৰু সচিব গৌতম কৃষ্ণ মিশ্ৰই।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-20 at 6.06.43 PM

ডিজিটেল সংবাদ,শিলচৰ: অৱশেষত নিজৰ মাটিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিলচৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় স্থাপনৰ বাবে ভূমি পূজন সম্পন্ন কৰে। বৃহস্পতিবাৰে শিলচৰৰ দুধপাটিল দ্বিতীয় খণ্ডত চৰকাৰে মঞ্জুৰ কৰা তিনি বিঘা মাটিত শিলচৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় স্থাপনৰ বাবে ভূমি পূজন কৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰ আৰু সচিব গৌতম কৃষ্ণ মিশ্ৰই। 

উল্লেখ্য যে উদাৰবন্দ সমষ্টিৰ অন্তৰ্গত দুধপাটিলত সংস্থাপন হ'ব লগা এই ভূমি পূজন অনুষ্ঠানত বিধায়ক মিহিৰ কান্তি সোম,পৰিষদৰ  শিলচৰ আঞ্চলিক কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা অৰবিন্দ দাস সহ কেইবাজনো বিশিষ্ট ব্যক্তি আৰু স্থানীয় লোক উপস্থিত থাকে। ভূমি পূজন সম্পন্ন হোৱাৰ পিছত কিছু দিনৰ ভিতৰতে পৰীক্ষাগাৰ আৰু কাৰ্যলয়‌ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰই। 

তাৰোপৰি তেখেতে উল্লেখ কৰে যে দীৰ্ঘদিন ধৰি বৰাক উপত্যকাৰ তিনিখন জিলাৰ শিলচৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ কাম-কাজ শিলচৰত ভাড়াঘৰতে চলি আহিছিল। এতিয়া দূধপাটিলত চৰকাৰে তিনি বিঘা মাটি প্ৰদান কৰাত বিভাগৰ স্থায়ী পৰীক্ষাগাৰ আৰু  কাৰ্যালয় স্থাপনৰ সমস্যা সমাধান হয়। শিলচৰৰ এই পৰীক্ষাগাৰটো নিৰ্মাণ হৈ উঠিলে ৰাজ্য খনত থকা প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ১১ টা আঞ্চলিক পৰীক্ষাগাৰৰ ভিতৰত শিলচৰৰটো পঞ্চম পৰীক্ষাগাৰ হ'ব। বৰাক উপত্যকাত এটা স্থায়ী পৰীক্ষাগাৰ নোহোৱা বাবে বৰাকৰ তিনিওখন জিলাৰ যাৱতীয় পৰীক্ষণীয় সামগ্ৰী সমূহ পৰীক্ষা কৰিবলৈ গুৱাহাটীলৈ নিব লগীয়া হয়। ফলত সামগ্ৰী সমূহ কেতিয়াবা নষ্ট হৈ যায়। 

আনফালে ভূমিস্খলনৰ‌ বাবে শিলচৰ- গুৱাহাটীৰ মাজত যাতায়াত বিঘ্নিত হ'লেও পৰীক্ষণীয় সামগ্ৰ‌ী সমূহ নষ্ট  হয় বুলি জানিবলৈ দিয়ে অধ্যক্ষ ডঃ মিশ্ৰই।শিলচৰত স্থায়ী ভাবে এই আঞ্চলিক পৰীক্ষাগাৰটো সংস্থাপন  হ'লে এই সমস্যা সমাধান হ'ব বুলিও মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে। অনুষ্ঠানত বিধায়ক মিহিৰ কান্তি সোম, সচিব গৌতম কৃষ্ণ মিশ্ৰ কাৰ্যবাহী অভিযন্তা অৰবিন্দ দাসেও ভাষণ প্ৰদান কৰে।

শিলচৰ