/asomiyapratidin/media/media_files/2025/11/12/dddddddd-2025-11-12-20-56-07.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ অন্য চৰকাৰী কৰ্মচাৰীৰ সমহাৰত দৰ্মহা প্ৰদান, চাকৰি স্থায়ীকৰণৰ জৰিয়তে ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা ROP প্ৰদান সহ কেইবাটাও দাবী আদায়ৰ সমৰ্থনত মঙলবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী উন্নয়ন পৰিষদৰ আন্দোলনে আজি দুদিনত ভৰি দিলে।
সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে কাছাৰ জিলাৰ কালাইন উন্নয়ন খণ্ডৰ কাৰ্যলয়ততো অব্যাহত আছে এই কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট। কালাইন ব্লক কাৰ্যলয়ত হাতে হাতে প্লেকাৰ্ড লৈ কৰ্মচাৰীসকলে তেওঁলোকৰ দাবী আদায়ৰ সমৰ্থনত শ্লোগান দি এই ন্যাৰ্য দাবী সমুহ কাৰ্যকৰী কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us