আমিনুল হক লস্কৰৰ প্ৰাৰ্থিত্বৰ তীব্ৰ বিৰোধিতা! সোণাইত প্ৰতিবাদ কংগ্ৰেছৰ...

কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ঘোষণাক কেন্দ্ৰ কৰি সোণাইত ক্ৰমান্বয়ে তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদ আৰু অসন্তুষ্টি। বিজেপিৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰক সোণাই সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ পিছতে ক্ষোভিত হৈ পৰে একাংশ

author-image
Asomiya Pratidin
New Update
ydhhdd

ডিজিটেল সংবাদ শিলচৰ: কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ঘোষণাক কেন্দ্ৰ কৰি সোণাইত ক্ৰমান্বয়ে তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদ আৰু অসন্তুষ্টি। বিজেপিৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰক সোণাই সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ পিছতে ক্ষোভিত হৈ পৰে একাংশ পুৰণি কংগ্ৰেছ নেতা কৰ্মী। আমিনুল হক লস্কৰৰ প্ৰাৰ্থীত্বৰ বিৰোধিতা কৰি ইতিমধ্যে সোণাইৰ ৯টা মণ্ডল সভাপতিয়ে দলৰ পৰা পদত্যাগ কৰিছে।

ইয়াৰ পিছত  শনিবাৰে পুনৰ‌ আমিনুল হক লস্কৰৰ প্ৰাৰ্থীত্বৰ বিৰোধিতা কৰি বিক্ষুদ্ধ কংগ্ৰেছ কৰ্মী সকলে সোণাই বজাৰত
দলৰ শীৰ্ষ নেতৃত্বৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, এ পি চি চিৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, আৰু সাংসদ ৰকিবুল হুছেইনৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে। প্ৰতিবাদকাৰীসকলে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিস্থিতি উত্তপ্ত কৰাৰ লগতে দলীয় নেতৃত্বৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

প্ৰাৰ্থীত্ব দাবী কৰি  অহা ৯ জন কংগ্ৰেছ নেতাই  দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে  বিভিন্ন অভিযোগ উত্থাপন কৰাৰ লগতে দলীয় নেতৃত্বৰ বিৰুদ্ধেও তীব্ৰ প্ৰকাশ কৰে। দলৰ স্থানীয়  জ্যেষ্ঠ কংগ্ৰেছীসকলে কোনো কাৰণতে মানি লোৱা নাই বিজেপিৰ প্ৰাক্তন বিধায়ক আমিনুক হক লস্কৰৰ প্ৰাৰ্থীত্ব। ফলত সোণাই কংগ্ৰেছৰ ভিতৰ চ'ৰাত তীব্ৰ ক্ষোভ আৰু প্ৰতিবাদৰ সৃষ্টি হৈছে। প্ৰতিবাদ কাৰী সকলে আমিনুল হক লস্কৰৰ প্ৰাৰ্থীত্ব কোনো পধ্যেই মানি নলয়‌ বুলি হুংকাৰ দিছে । প্ৰয়োজন হ'লে সোণাইৰ পৰা কংগ্ৰেছক একেবাৰে শেষ কৰি দিয়াৰো হুংকাৰ দিছে বিক্ষুব্ধ কংগ্ৰেছ নেতা কৰ্মী সকলে।

কাছাৰ জিলা কাছাৰ