শ্ৰীভুমিত জব্দ ৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী

শুকুৰবাৰে পাথাৰকান্দি এলেকাৰ এৰালিগুল গাঁৱৰ ড্ৰাগছ মাফিয়া কবিৰ উদ্দিনৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট আৰক্ষীয়ে জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-27 at 8.09.02 PM

ডিজিটেল সংবাদ, শিলচৰঃ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে শ্ৰীভুমি আৰক্ষীয়ে। শুকুৰবাৰে পাথাৰকান্দি এলেকাৰ এৰালিগুল গাঁৱৰ ড্ৰাগছ মাফিয়া কবিৰ উদ্দিনৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট আৰক্ষীয়ে জব্দ কৰে। জব্দ কৰা টেবলেট খিনিৰ‌ মুল্য প্ৰায় পাঁচ কোটি টকা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া মতে, এৰালিগুল প্ৰথম খণ্ডৰ বাসিন্দা কুখ্যাত ড্ৰাগছ মাফিয়া কবিৰ উদ্দিনৰ ঘৰত বুজন সংখ্যক নিষিদ্ধ য়াবা টেবলেট মজুত থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে। গোপন সুত্ৰৰ ভিত্তিত এই খবৰ লাভ কৰাৰ পিছত পাথাৰকান্দি থানা আৰু বাৰৈগ্ৰাম আৰক্ষী চকীৰ আৰক্ষীয়ে কবিৰ উদ্দিনৰ ঘৰত যুটীয়া অভিযান চলায়।

অভিযানৰ‌ সময়ত চোতালত ৰৈ থকা এখন চাৰিচকীয়া বাহনত প্ৰথমে তালাচী চলাই আৰক্ষীয়ে। সেই সময়ত বাহন খনৰ আসনত বহি থকা কাৰ্তিকটিলাৰ ইনজামামুল হক নামৰ এজন যুৱকক আটক কৰা হয়। লগতে বাহন খনত তালাচী চলাই আৰক্ষীয়ে ৩ পেকেট য়াবা টেবলেট জব্দ কৰে।

ইয়াৰ পিছত কবীৰ উদ্দিনৰ ঘৰত তন্নতন্নকৈ তালাচী চলাই আৰক্ষীয়ে চাৰিটা য়াবা টেবলেটৰ পেকেট জব্দ কৰে। বাহন আৰু কবিৰ উদ্দিনৰ ঘৰৰ পৰা মুঠ ৮.৪৫৪ কিলোগ্ৰাম (৭৩,৩৯৯ টা) য়াবা টেবলেট জব্দ কৰা হয়। জব্দ কৰা টেবলেটৰ মুল্য প্ৰায় পাঁচ কোটি টকা বুলি সুত্ৰটোৱে সদৰী কৰিছে।

 ইফালে, আৰক্ষী অহাৰ উমান পাই কবিৰ উদ্দিন পিছদুৱাৰেদি পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে কবীৰ উদ্দিনৰ পত্নী ৰেহেনা বেগম আৰু ইনজামামুল হকক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আহে। বৰ্তমান দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

পাথাৰকান্দি