শিলচৰত বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ অনশন

শিলচৰত বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ সত্যাগ্ৰহ আন্দোলন, অনশন।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-15 at 2.55.24 PM

ডিজিটেল সংবাদ,শিলচৰঃ শিলচৰত বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ অনশন কাৰ্যসূচী। বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাক শিক্ষাৰ প্ৰাথমিক স্তৰত শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলন, প্ৰাথমিক শিক্ষা বিভাগত খালী হৈ থকা বিষ্ণুপ্ৰিয়া মণিপুৰী শিক্ষকৰ পদত নিযুক্ত দিয়া, নতুনকৈ তিনি শতাধিক শিক্ষকৰ পদ সৃষ্টি কৰা, বিষ্ণুপ্ৰিয়া মণিপুৰী সকলক কেন্দ্ৰীয় OBC ৰ মৰ্যাদা আৰু তেওঁলোকৰ বাবে অটোনমাছ কাউঞ্চিল গঠন কৰাৰ দাবীত যোৱা ১২ ফেব্ৰুৱাৰীৰ পৰা আমৰণ অনশনত বহিছে বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ কেইবাটাও সংগঠনে। 

 শিলচৰ জিলা আয়ুক্তৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইতিমধ্যে কেইবা গৰাকী সত্যগ্ৰাহী এই অনশন কাৰ্যসূচীত অসুস্থ হৈ পৰাত কেইবাজনো চিকিৎসাধীন হৈ আছে। ইয়াৰ পাছতো তেওঁ লোকৰ দাবীৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ  উত্থাপন কৰিছে অনশন কাৰী সকলে।

শিলচৰ