কাছাৰৰ জিৰিঘাট আৰু বাচকান্দিত আৰক্ষীৰ অভিযান

কাছাৰত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আৰক্ষীয়ে। সোমবাৰে নিশা দুটা পৃথক অভিযানত বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শিলচৰঃ  কাছাৰত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আৰক্ষীয়ে। সোমবাৰে নিশা দুটা পৃথক অভিযানত বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লক্ষীপুৰ সম জিলাৰ আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাৰ নেতৃত্বত জিৰিঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰানা কুমাৰ নাথ আৰু বাচকান্দি চকীৰ  ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথৰ সহযোগত জব্দ কৰা হয় হেৰ'ইন খিনি।

WhatsApp Image 2026-02-03 at 11.09.26 AM

মণিপুৰ সীমান্তৱৰ্তী জিৰিঘাটত মণিপুৰৰ পৰা শিলচৰ অভিমুখী এখন বাহনত তালাচী চলাই আৰক্ষীয়ে হেৰ'ইন ভৰ্তি ১০টা চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ১১৬ গ্ৰাম হেৰ'ইন জব্দ কৰে। জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ৬০ লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহৰ‌ অভিযোগত আৰক্ষীয়ে আব্দুল হাচান চৌধুৰী নামৰ সোণাই উত্তৰ মোহনপুৰৰ এটা সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে।

WhatsApp Image 2026-02-03 at 11.09.17 AM

ইফালে,লক্ষীপুৰ সম জিলাৰ আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাৰ নেতৃত্বত বাচকান্দি চকীৰ  ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথ আৰু আৰক্ষীৰ দল এটাই অভিযান চলাই বাদ্ৰিবস্তিৰ পৰা জব্দ কৰে হেৰ'ইন খিনি। জহিৰুল আলম বৰভূঞা নামৰ ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা ৭৩ টা হেৰ'ইন ভৰ্তি কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে।  কন্টেইনাৰ কেইটাৰ পৰা জব্দ কৰা হেৰ'ইনৰ ওজন ৩৯ গ্ৰাম বুলি সদৰী কৰিছে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহৰ‌ অভিযোগত আৰক্ষীয়ে  ড্ৰাগছ ব্যৱসায়ী জহিৰুল আলমকো গ্ৰেপ্তাৰ কৰে। জহিৰুল আলমৰ ঘৰ শিলচৰৰ কাশিপুৰত বুলি জানিব পৰা গৈছে। 

শিলচৰ