সদ্য প্ৰয়াত বিশিষ্ট ৰাজনীতিবিদ কবীন্দ্ৰ পুৰকায়স্থলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হ'ল পদ্মশ্ৰী বঁটা

ঘোষণা হ’ল ২০২৬ বৰ্ষৰ পদ্ম বঁটাপ্ৰাপকৰ নাম। স্বাস্থ্যসেৱা, শিল্প, সাহিত্য, সামাজিক ক্ষেত্ৰৰ অগ্ৰণী নায়কক স্বীকৃতি।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ শিলচৰঃ   ঘোষণা হ’ল ২০২৬ বৰ্ষৰ পদ্ম বঁটাপ্ৰাপকৰ নাম। স্বাস্থ্যসেৱা, শিল্প, সাহিত্য, সামাজিক ক্ষেত্ৰৰ অগ্ৰণী নায়কক স্বীকৃতি। পদ্ম বঁটাপ্ৰাপকৰ তালিকাত  আছে অসমৰ ৫ ৰত্ন। নুৰুদ্দিন আহমেদ, পখিলা লেকথেপী, ড° যোগেশ দেউৰী, হৰিচৰণ শইকীয়ালৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। লগতে প্ৰয়াত কবীন্দ্ৰ পুৰকায়স্থলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।

প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা  প্ৰবীণ বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থক মৰণোত্তৰভাৱে পদ্মশ্ৰী বঁটা ঘোষনা কৰাত উৎফুল্লিত হৈ পৰিছে বৰাক তথা অসমবাসী। আজীৱন বিজেপি দলৰ হৈ জীৱন উচৰ্গা কৰা  উত্তৰ পুৱ বিজেপিৰ পিতামহ সদৃশ কবীন্দ্ৰ পুৰকায়স্থক মৰণোত্তৰভাৱে কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰাত আনন্দৰ বন্যা বৈছে বৰাক উপত্যকাত। 

WhatsApp Image 2026-01-26 at 3.38.03 PM

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থক এই পদ্মশ্ৰী বঁটাৰ বাবে নাম ঘোষণা কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ তথা ৰাজ্য সভাৰ সাংসদ কণাড পুৰকায়স্থ আৰু মন্ত্ৰী কৌশিক ৰায়ে। এই সন্মান কবীন্দ্ৰ পুৰকায়স্থৰ লগতে বৰাক তথা অসম বাসীৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ সন্মান বুলি মন্তব্য কৰিছে কণাড পুৰকায়স্থ আৰু কৌশিক ৰায়ে।  

ইয়াৰ বাবে দুয়ো জন বিজেপি নেতাই কেন্দ্ৰ চৰকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক  ধন্যবাদ জ্ঞাপন কৰিছে। কবীন্দ্ৰ পুৰকায়স্থই গোটেই জীৱন ৰাষ্ট্ৰ আৰু সমাজৰ বাবে সেৱা আগবঢ়োৱা বুলি উল্লেখ কৰি সাংসদ কণাড পুৰকায়স্থই কয় যে মৰণোত্তৰভাৱে প্ৰবীণ বিজেপি নেতা জনক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰাত  তেওঁ তেওঁৰ পৰিয়াল আৰু অসম বাসীৰ হৈ কেন্দ্ৰীয় চৰকাৰ , প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। ইফালে, মন্ত্ৰী কৌশিক ৰায়েও প্ৰয়াত কবীন্দ্ৰ পুৰকায়স্থক মৰণোত্তৰভাৱে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰাত কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক অমিত শ্বাহক ধন্যবাদ জনায়।

শিলচৰ