/asomiyapratidin/media/media_files/2025/12/17/1-2025-12-17-08-33-56.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰিছে। শিলচৰৰ দুধপাতিলত এখন বাহনত তালাচী চলাই আৰক্ষীয়ে হেৰ'ইন ভৰ্তি ৩০ টা চাবোনৰ বাকচৰ পৰা মুঠ ৩৮৮ গ্ৰাম হেৰ'ইন জব্দ কৰে। MZ02C- 1553 নম্বৰৰ বাহনখনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰে হেৰ'ইন খিনি।
উল্লেখ্য যে,মিজোৰামৰ পৰা সৰবৰাহ কৰা হেৰ'ইন খিনিৰ মূল্য প্ৰায় ২.২কোটি টকা বুলি সদৰী কৰিছে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে। হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক কেইজন দিলদাৰ হুছেইন নজৰুল হুছেইন আৰু জছিম উদ্দিন বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us