পুনৰ ABVPৰ দখলত অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদ...

পুনৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দখলত অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদ। সোমবাৰে অনুষ্ঠিত ছাত্ৰ সংসদৰ নিৰ্বাচনত ৮ টি পদৰ ভিতৰত ৬ টাতে জয়ী‌ হৈছে এবিভিপি ৰ প্ৰাৰ্থী। দুটা পদত  বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী।

author-image
Asomiya Pratidin
New Update
KKK

ডিজিটেল সংবাদ শিলচৰ: 

ইফালে, সভাপতি  আৰু  সাধাৰণ সম্পাদক পদত‌ জয়ী হৈছে ক্ৰমে এবিভিপি ৰ ৰাজ কিৰণ চক্ৰৱৰ্তী আৰু কৌশিক দাসগুপ্ত। সহ: সাধাৰণ সম্পাদক পদত মহিলাৰ‌ মিমাংসা কৈৰী, আৰু সহ: সাধাৰণ সম্পাদক পদত পুৰুষৰ অৰ্পণ চক্ৰৱৰ্তী। মেগাজিন সম্পাদক পদত অৰূপ দাস আৰু ক্ৰীড়া‌ সম্পাদক পদত সমৰ‌ কান্ত জয়ী হৈছে।

ইফালে, সন্ধিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত অসম বিশ্ববিদ্যালয় চৌহদত‌ এক উৎসৱ মুখৰ পৰিৱেশৰ‌ সৃষ্টি হয়।‌ এবি ভি পি ৰ শ্লোগান দি‌ বিজয়ী প্ৰাৰ্থী সকলে আনন্দত‌ মতলীয়া হৈ পৰে। শিলচৰৰ‌ বিধায়ক দিপায়ন চক্ৰৱৰ্তী বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিজয়ী প্ৰাৰ্থী সকলক‌ শুভেচ্ছা জ্ঞাপন কৰে। মন্ত্ৰী কৌশিক ৰায়েও এবি ভি পি ৰ বিজয়ী প্ৰাৰ্থী সকলক সামাজিক মাধ্যমত শুভেচ্ছা জ্ঞাপন কৰে।

শিলচৰ