/asomiyapratidin/media/media_files/2025/09/07/dddd-2025-09-07-09-20-41.jpg)
ডিজিটেল সংবাদ শিলচৰ: সমগ্ৰ ৰাজ্যৰ লগতে ৮ চেপ্তেম্বৰ সোমবাৰে শিলচৰতো সুধাকণ্ঠ ড' ভুপেন হাজৰিকাৰ ৯৯ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰা হ'ব। অসম সাহিত্য সভাৰ কাছাৰ জিলা আৰু শিলচৰ শাখাৰ যৌথ উদ্যোগত উদযাপন কৰা হ'ব ভাৰত ৰত্ন ড' হাজৰিকাৰ জন্ম বাৰ্ষিকী।
শিলচৰ পাৰ্কৰোড স্হিত শাখা সাহিত্য সভাৰ প্ৰেক্ষাগৃহত সোমবাৰে সন্ধিয়া ৬ বজাৰ পৰা বিশ্ব বৰেণ্য শিল্পী গৰাকীৰ জন্ম বাৰ্ষিকীৰ অনুষ্ঠান আৰম্ভ হ'ব। মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ'ব। ইয়াৰ পিছত এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
সাংস্কৃতিক অনুষ্ঠানত স্হানীয় আৰু আমন্ত্ৰিত শিল্পী সকলে ড' হাজৰিকাৰ বিভিন্ন গীত আৰু নৃত্য পৰিবেশন কৰিব। ভুপেন হাজৰিকাৰ জন্ম বাৰ্ষিকী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব শিলচৰ গুৰুচৰণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ নিৰঞ্জন ৰয়।
নিৰঞ্জন ৰয়ৰ বাহিৰে আৰু কেইবা গৰাকী আমন্ত্ৰিত অতিথি এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ এই জন্ম বাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তুলিবলৈ উদ্যোক্তা সকলৰ হৈ সাহিত্য সভাৰ জিলা কমিটীৰ সভাপতি ড' যোগেশ্বৰ বৰ্মন, শাখা কমিটীৰ সভাপতি বাটুুবাবু ৰাজবংশী, সম্পাদিকা আইৰিশ বৰ্মন আৰু সাংস্কৃতিক সম্পাদিকা অৰ্চনা কটকীয়ে সকলোকে আহ্বান জনাইছে। এক বিবৃতিৰ জৰিয়তে এই খবৰ জনাইছে কাছাৰ জিলা সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক সমীন সেন ডেকাই ।