/asomiyapratidin/media/media_files/2025/09/15/web-ap-murder-2025-09-15-10-49-27.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ মেঘালয়ৰ পূব জয়ন্তীয়া হিলচত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুই কণমানি সন্তানক লগত লৈ চৰম সিদ্ধান্ত পথ বাছি ল'লে এগৰাকী মহিলাই। মৃত মহিলাগৰাকী কাছাৰৰ কালাইন বৰইতলিৰ অৰ্পন দাসৰ পত্নী ৰিপ্পা দাস।
ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, কৰ্মসূত্ৰে মেঘালয়ত বসবাস কৰা অৰ্পন দাসে দেওবাৰে কামৰ পৰা আহি পত্নীৰ সৈতে দুই কন্যাক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। অৰ্পন দাসৰ এগৰাকী শিশু কন্যা ৫ বছৰীয়া আৰু আনগৰাকী ৬ মহীয়া বুলি জানিব পৰা গৈছে।
তিনিওৰে নিথৰ দেহ প্ৰত্যক্ষ কৰি অৰ্পণ দাসে ৰিপ্পাৰ পিতৃক ফোনো কৰি ঘটনা সন্দৰ্ভত অৱগত কৰে।লগে লগে পৰিয়ালৰ লোকে কাটিগড়া আৰক্ষী চকীত উপস্থিত হয় ৷ তাৰোপৰি ৰিপ্পাৰ পিতৃয়ে ঘটনাক লৈ অৰ্পন দাসৰ দোষাৰূপ কৰে।
উল্লেখ্য যে বিগত বহু বছৰে পত্নীক শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে অৰ্পন দাসৰ বিৰুদ্ধে। একমাত্ৰ কন্যা সন্তান জন্ম দিয়া বাবে ৰিপ্পাক অত্যাচাৰ কৰা বুলি উল্লেখ কৰিছে ভুক্তভোগীৰ পৰিয়ালে।
পিতৃয়ে অভিযোগ কৰে যে ৰিপ্পা সহ দুই কন্যা সন্তানক হত্যা কৰি অৰ্পণ দাসে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা বুলি কয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অৰ্পনক সোধ-পোছ অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us