/asomiyapratidin/media/media_files/2025/12/07/vdgrftryrterrterferwe-2025-12-07-11-43-19.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ মণিপুৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসম ৰাইফলছ আৰু মনিপুৰ আৰক্ষীয়ে বিশেষ সাফল্য লাভ কৰিছে। কাছাৰ জিলা সীমান্তৱৰ্তী মনিপুৰৰ জিৰিবামত অসম ৰাইফলছ, চি আৰ পি আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই ৫০ হাজাৰ য়াবা টেবলেট জব্দ কৰিছে।
এখন Toyota Fortuner বাহনত তালাচী চলাই আৰক্ষীয়ে বাহনখনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় টেবলেট খিনি। টেবলেট খিনিৰ ওজন ৫.১৮৪ কিলোগ্ৰাম। জব্দ কৰা টেবলেট খিনিৰ মুল্য প্ৰায় ১২.৫০ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/07/whatsapp-imag-2025-12-07-11-43-39.jpeg)
ইফালে, নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে শিলচৰ ৰানিঘাটৰ ৰাজীৱ হুছেইন মজুমদাৰ আৰু চাহাৰ আলম মজুমদাৰ নামৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান ধৃত লোক দুজন জিৰিবাম থানাত জেৰা চলাই থকা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us