/asomiyapratidin/media/media_files/2026/01/14/fsdaxzxz-2026-01-14-21-21-55.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি শিলচৰতো উলহ মালহেৰে পালন কৰা হৈছে ভোগালী বিহু। শিলচৰত বসবাস কৰা অসমীয়া লোক সকলে পাৰভঙা উছাহেৰে ভোগালী বিহু পালন কৰা দেখিবলৈ পোৱা গৈছে।
শিলচৰ বৰ নামঘৰ সমিতিৰ উদ্যোগত অসম সাহিত্য সভাৰ শিলচৰ কাৰ্যলয়ৰ বাকৰিত পৰম্পৰা আৰু ধৰ্মীয় ৰীতি-নীতিৰে মেজি জ্বলাই ভোগালী বিহু উৎযাপন কৰে । মেজি জ্বলাই সমাজৰ পৰা অসূয়া অমংগল দূৰ কৰিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/14/capturefgdfdsfsd-2026-01-14-21-24-34.jpg)
ইয়াৰ পিছত লাৰু পিঠা, চিৰা দৈ ৰে অভ্যাগত সকলক আপ্যায়ন কৰা হয়। ইয়াৰ পিছত শিলচৰ নামঘৰত নাম প্ৰসংগ আৰু দিহা নাম পৰিবেশন কৰা হয়। এই ভোগালী বিহু পালন অনুষ্ঠানত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি অনুপম পাঠক, সম্পাদিকা অৰ্চনা কটকী, অসম সাহিত্য সভা কাছাৰ জিলাৰ সভাপতি ড' যোগেশ্বৰ বৰ্মন, শিলচৰ শাখাৰ সম্পাদিকা আইৰিছ বৰ্মন,অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাজকুমাৰ মজিন্দাৰ বৰুৱাসহ শিলচৰত বসবাস কৰা অসংখ্য অসমীয়া লোক উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us