বাজপেয়ীৰ সপোনৰ শিলচৰ - হাফলং ইষ্ট ৱেষ্ট কৰিড'ৰ জানুৱাৰীত মুকলি হ'ব : মন্ত্ৰী কৌশিক ৰায়

কেতিয়া সম্পূৰ্ণ হ'ব অটল বিহাৰী বাজপেয়ীৰ সপোনৰ শিলচৰ - হাফলং চাৰিলেনযুক্ত ছুপাৰ হাইৱে নিৰ্মাণৰ‌ কাম ! ২০০৪ চনত শিলচৰৰ জিৰো পইন্টত তদানীন্তন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আধাৰশিলা স্থাপন কৰিছিল শিলচৰ- হাফলং চৌৰাষ্ট্ৰ মহাচৰকৰ ।

author-image
Asomiya Pratidin
New Update
AP WEB 1 (4)

ডিজিটেল সংবাদ, শিলচৰ : কেতিয়া সম্পূৰ্ণ হ'ব অটল বিহাৰী বাজপেয়ীৰ সপোনৰ শিলচৰ - হাফলং চাৰিলেনযুক্ত ছুপাৰ হাইৱে নিৰ্মাণৰ‌ কাম ! ২০০৪ চনত শিলচৰৰ জিৰো পইন্টত তদানীন্তন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আধাৰশিলা স্থাপন কৰিছিল শিলচৰ- হাফলং চৌৰাষ্ট্ৰ মহাচৰকৰ ।

কিন্তু তেতিয়াৰে পৰা আজি ২১ বছৰেও সম্পূৰ্ণ নহ'ল বাজপেয়ীয়ে সপোনৰ ৰাষ্ট্ৰীয় পথটো। দীৰ্ঘকাল শাসনত থকা কংগ্ৰেছৰ দিনতো সম্পূৰ্ণ নহ'ল এই গুৰুত্বপূৰ্ণ পথটো।‌

WhatsApp Image 2025-11-23 at 9.48.17 AM

কংগ্ৰেছৰ‌ শাসনকালত একাংশ ঠিকাদাৰ আৰু নিৰ্মাণ সংস্থাৰ খিৰতী গাইত পৰিণত‌ হোৱা এই মহাচৰকৰ কাম সম্পূৰ্ণ কৰিবলৈ সম্প্ৰতি তৎপৰ হৈছে বিজেপি চৰকাৰ।‌ প্ৰায়ে মন্ত্ৰী -বিধায়ক তথা সাংসদসকলে‌ নিৰ্মাণস্থলীত গৈ পৰিদৰ্শন কৰিছে কামৰ অগ্ৰগতি।‌ 

মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি শনিবাৰে মন্ত্ৰী কৌশিক ৰায়, ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থই শিলচৰৰ বহুকেইজন সাংবাদিকক লগত লৈ শিলচৰ - হাফলং চৌৰাষ্ট্ৰ মহাচৰকৰ কাম-কাজ পৰিদৰ্শন কৰে। শিলচৰৰ পৰা হাফলঙলৈ ৩২ কি মি ঠাইত বন বিভাগৰ ক্লিয়াৰেঞ্চ লাভ নকৰাৰ ফলত উক্ত স্থানত কামৰ অগ্ৰগতি স্থবিৰ হৈ পৰিছিল ।

WhatsApp Image 2025-11-23 at 9.48.18 AM (1)

কিন্তু বিজেপি চৰকাৰ‌ ক্ষমতালৈ অহাৰ পিছত বন বিভাগৰ পৰা এই এলেকাৰ ক্লিয়াৰেঞ্চ আদায় কৰা হয়। অৱশ্যে এতিয়াও পাঁচ‌খন গাঁৱৰ লোকে মহাচৰকৰ পথ নিৰ্মানৰ ক্ষেত্ৰত ভূমি দিয়াত‌ আপত্তি জনাইছে। ফলত উক্ত এলেকাত এতিয়াও পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পৰা নাই। 

অৱশ্যে ইয়াৰ পিছতো অহা জানুৱাৰী মাহৰ ভিতৰত শিলচৰ - হাফলং চৌৰাষ্ট্ৰ মহাচৰকৰ কাম-কাজ সম্পূৰ্ণ হ'ব বুলি দাবী কৰিছে মন্ত্ৰী কৌশিক ৰায়ে। বেছি সমস্যা দেখা দিয়া এলেকাত  চাৰিলেন নহ'লেও ডাবল লাইন নিৰ্মাণ কৰি জানুৱাৰীৰ ভিতৰত পথটো‌ যান-বাহনৰ চলাচলৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি‌ সদৰী কৰে কৌশিক ৰায়ে।

WhatsApp Image 2025-11-23 at 9.48.18 AM

পিচত হাফলং আৱৰ্ত ভৱনত NHAI, NIDCLজিলা প্ৰশাসন আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ শীৰ্ষ প্ৰশাসনিক বিষয়া সকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি মন্ত্ৰীগৰাকীয়ে শিলচৰ - হাফলং চাৰিলেনযুক্ত ছুপাৰ হাইৱেৰ কামৰ অগ্ৰগতিৰ বুজ লয়। ইয়াৰ পিছত আৱৰ্ত ভৱনত এখন সংবাদমেলৰ আয়োজন কৰে মন্ত্ৰী কৌশিক ৰায়ে। 

সংবাদমেলত কামৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰি উদ্ভুত মাটিৰ ক্ষতিপূৰণসহ অন্যান্য সমস্যাসমূহৰ সমাধান দুই এদিনৰ পৰা সম্পূৰ্ণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। অহা ৩১ ডিচেম্বৰৰ ভিতৰত শিলচৰ - হাফলং চৌৰাষ্ট্ৰ মহাচৰকৰ কাম সম্পূৰ্ণ হ'ব বুলি দাবী কৰে মন্ত্ৰী কৌশিক ৰায়ে।

WhatsApp Image 2025-11-23 at 9.48.19 AM

সমস্যা থকা ঠাইত চাৰিলেন নহ'লেও দুইলেনযুক্ত পথ নিৰ্মাণ কৰি জানুৱাৰীৰ ভিতৰত যান-বাহন চলাচলৰ বাবে পথটো মুকলি কৰি হ'ব। সংবাদমেলত মন্ত্ৰীৰ উপৰিও ৰাজ্যসভাৰ সাংসদ কণাড পুৰকায়স্থ, ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, ধলাইৰ বিধায়ক নিহাৰ ৰঞ্জন দাস, উদাৰ বন্দৰ বিধায়ক মিহিৰ কান্তি সোমসহ বিজেপিৰ একাংশ নেতা উপস্থিত থাকে।

শিলচৰ