ডিজিটেল সংবাদ, শিলচৰ : দিল্লীৰ বোমা বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰি শিলচৰত গ্ৰেপ্তাৰ হৈছে এজন অৱসৰপ্ৰাপ্ত অধ্যক্ষ। নিৰ্বাচনৰ বাবে দিল্লীত বিস্ফোৰণ সংঘটিত কৰোৱা বুলি মন্তব্য অৱসৰপ্ৰাপ্ত অধ্যক্ষজনৰ।
উল্লেখযোগ্য যে, অধ্যক্ষগৰাকীয়ে "Election is coming ahead’ বুলি সামাজিক মাধ্যমত মন্তব্য কৰিছিল। অন্য এজনৰ নিউজত এই মন্তব্য কৰিছিল অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে।
ৰাষ্ট্ৰীয় নিৰাপত্তাক ৰাজনীতিকৰণ কৰাৰ অভিযোগত শিলচৰ আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে নজৰূল ইছলাম বৰভুঞা নামৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষজনক। বাচকান্দি নেনামিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নজৰুল ইছলাম বৰভুঞা। বৰভুঞাৰ ঘৰ শিলচৰ ৰংপুৰ দুৰ্গাপুৰত।
মঙলবাৰে আৰক্ষীয়ে ৰংপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে নজৰুল ইছলামক। অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ এই মন্তব্যৰ আঁৰত কাৰোবাৰ ষড়যন্ত্ৰ আছে নে নাই সেয়া কাছাৰ আৰক্ষীয়ে তদন্ত কৰি আছে বুলি সাংবাদিক সদৰী কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলে। বৰ্তমান শিলচৰ সদৰ থানাত জেৰা অব্যাহত ৰখা হৈছে ধৃত নজৰুল ইছলামক।
সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য দি গ্ৰেপ্তাৰ স্কুলৰ প্ৰাক্তন অধ্যক্ষ
দিল্লীৰ বোমা বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰি শিলচৰত গ্ৰেপ্তাৰ হৈছে এজন অৱসৰপ্ৰাপ্ত অধ্যক্ষ।