/asomiyapratidin/media/media_files/2025/12/17/1-2025-12-17-12-43-19.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ নিষিদ্ধ ড্ৰাগছৰ সমান্তৰালকৈ কাছাৰ জিলাত বিদেশী চিগাৰেটৰ বিৰুদ্ধেও ব্যাপক অভিযান আৰক্ষীৰ। অসম - মেঘালয় সীমান্তৰ মালিডহৰ কালাইনচেৰাত অভিযান চলাই গুমৰা আৰক্ষীয়ে মঙলবাৰে বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/17/a644ede1-247f-49d3-a5a4-377b6b351f6f-2025-12-17-12-41-27.jpg)
উল্লেখ্য যে, কাছাৰ দিশৰ পৰা মেঘালয় অভিমুখী AS-26C-9599 নম্বৰৰ ট্ৰাক খনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে ২৯০ কাৰ্টুন বাৰ্মিজ চিগাৰেট। অবৈধভাৱে সৰবৰাহ কৰা বাবে বিদেশী চিগাৰেট খিনি জব্দ কৰে আৰক্ষীয়ে। অবৈধভাৱে বিদেশী চিগাৰেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান বাৰ্মিজ চিগাৰেটখিনি গুমৰা আৰক্ষীৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/17/f8ae0f54-fcbe-4e24-a0e5-51dd02f7d9d5-2025-12-17-12-41-41.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us