/asomiyapratidin/media/media_files/2025/08/29/whatsapp-2025-08-29-15-34-01.jpeg)
ডিজিটেল সংবাদ, শিলচৰঃ জম্মুৰ বানপানী আৰু ভুমিস্খলনৰ ফলত বুধবাৰে কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা কাছাৰৰ দয়াপুৰৰ বিএছএফ জোৱান শ্বহীদ ৰাজীৱ নুনীয়াৰ মৃতদেহ শুকুৰবাৰে উদাৰবন্দৰ দয়াপুৰৰ নিজ বাসগৃহলৈ লৈ অনা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/29/whatsapp-2025-08-29-15-30-22.jpeg)
পুৱা ৮-২০ মিনিটত জম্মুৰ পৰা বিমানেৰে কুম্ভীৰগ্ৰাম বিমান বন্দৰলৈ অনা হয় শ্বহীদ ৰাজীৱ নুনীয়াৰ মৃতদেহ। বিমান বন্দৰতে জিলা প্ৰশাসনে গ্ৰহণ কৰে শ্বহীদ জনৰ মৃতদেহ। কুম্ভীৰগ্ৰামৰ পৰা শতাধিক বাইক আৰু গাড়ীৰ বিশাল সমদলেৰে শ্বহীদজনৰ মৃতদেহ জন্মস্থান উদাৰবন্দৰ দয়াপূৰৰ বাজাৰিঘাটৰ নিজ গৃহলৈ লৈ অনা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/29/whatsapp-image-2025-08-29-15-30-40.jpeg)
শ্বহীদগৰাকীৰ মৃতদেহ ঘৰলৈ আহি পোৱাৰ পিছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। পৰিয়ালৰ লোকসহ হাজাৰ হাজাৰ গুণমুগ্ধই শোকত ভাঙি পৰে। শ্বহীদগৰাকীৰ বাসগৃহত উপস্থিত হয় বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগতে অজস্ৰ গুণমুগ্ধ। "শ্বহীদ ৰাজীৱ নুনীয়া অমৰ ৰহে", "তোমাক পাহৰা নাই, নাপাহৰো" "ভাৰত মাতা কী জয়" আদি শ্লোগান দি উদাৰবন্দৰ আকাশ বতাহ মুখৰিত কৰি তোলে ৰাইজে। সমগ্ৰ দয়াপুৰৰ বাজাৰিঘাটত লোকাৰণ্য হৈ পৰে। পুত্ৰৰ নিঠৰ দেহ দেখি কান্দোনৰ ভাগি পৰে পিতৃ ৰাজেন্দ্ৰ প্ৰসাদ নুনীয়া আৰু মাতৃ ইন্দ্ৰাৱতী নুনীয়া। ককায়েকৰ নিঠৰ দেহ সাবতি ধৰি হুৰাহুৰে কান্দিবলৈ ধৰে ভাতৃ আৰু ভনীয়েকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/29/whatsapp-image-2025-08-29-15-31-00.jpeg)
ইয়াৰ মাজতে বিভিন্ন দল সংগঠনে ফুলৰ মালাৰে শ্বহীদ গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বাসগৃহত সামাজিক ৰীতি-নীতিৰে শ্বহীদ গৰাকীৰ মৃতদেহৰ সৎকাৰৰ বাবে যাৱতীয় ব্যৱস্থা কৰা হয়। তাৰ পিছতে হাজাৰ হাজাৰ গুণমুগ্ধই সমদল কৰি উদাৰবন্দৰ শ্মশানলৈ লৈ যায় শ্বহীদজনৰ নশ্বৰদেহ। তাতে বিএছএফৰ ফালৰ পৰা চালামী জনোৱা হয়। সম্পূৰ্ণ সামৰিক মৰ্যদাৰ আৰু শেষ চেলুটেৰে শ্বহীদগৰাকীক অন্তিম শ্ৰদ্ধা জনোৱা হয় । শিলচৰ মাচিমপুৰস্থিত বিএছএফৰ ডিআইজি, কাছাৰৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষকসহ অজস্ৰ গুণমুগ্ধই ফুলৰ মালা অৰ্পণ কৰি শ্বহীদ জনৰ প্ৰতি অন্তিম শ্ৰদ্ধা জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/29/whatsapp-image-2025-08-29-15-31-17.jpeg)
ইফালে, পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, মাত্ৰ ডেৰ বছৰ পূৰ্বে বিএছএফৰ কনিষ্টবল হিচাপে চাকৰিত যোগদান কৰিছিল ৰাজীৱ নুনীয়াই। প্ৰশিক্ষণ সমাপ্ত কৰি কেইদিনমান আগতে ছুটি লৈ ঘৰলৈ আহিছিল ৰাজীৱ। ছুটি শেষ কৰি তেওঁ যোগদান কৰিছিল জম্মু কাশ্মীৰত। জম্মু কাশ্মীৰত বানপানী আৰু ভূমিস্খলনে সংহাৰী ৰূপ ধাৰণ কৰা সময়ত ৰাজীৱ জম্মু জিলাৰ অখনুত কৰ্তব্যৰত আছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/29/whatsapp-image-2025-08-29-15-31-35.jpeg)
ইয়াৰ মাজতে বিগত ২৬ আগষ্ট বুধবাৰে নিশা প্ৰায় ১২ বজাত হোৱা প্ৰৱল ভূমিস্খলত এটা ওৱাষ্ট টাৱাৰ খহি আহি ৰাজীবৰ ওপৰতে পৰে আৰু ঠিতাতে অকাল মৃত্যুক সাবতি লয় ২০ বছৰীয়া বিএছএফৰ জোৱানজনে। দেশৰ বাবে শ্বহীদ হোৱা ৰাজীৱ নুনীয়াৰ পৰিয়ালটোৰ একমাত্ৰ চাকৰিয়াল আছিল তেওঁ । পিতৃ ৰাজেন্দ্ৰ প্ৰসাদ নুনীয়াই ক্ষুদ্ৰ ব্যৱসায় কৰাৰ বিপৰীতে মাতৃ ইন্দ্ৰাৱতী নুনীয়া গৃহিনী। এজন ভাতৃ আৰু এগৰাকী ভগ্নীক এৰি দেশমাতৃৰ বাবে শ্বহীদ হোৱা ৰাজীৱৰ অকাল মৃত্যুৱে সমগ্ৰ উদাৰবন্দবাসীকে কন্দুৱাই থৈ গ'ল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us