/asomiyapratidin/media/media_files/2025/10/12/495-2025-10-12-17-43-06.jpg)
ডিজিটেল সংবাদ শিলচৰ : শনিবাৰৰ পৰা শিলচৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পুৰ্ণাংগ অধিবেশনৰ দেওবাৰে দ্বিতীয় দিন। দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে শিলচৰত আজি এক বিশাল বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মহা মিলনৰ উদ্দেশ্যৰে উলিওৱা এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, প্ৰধান সম্পাদক দেৱজিৎ বৰা, উপ সভাপতি পদুম ৰাজখোৱা , মন্ত্ৰী কৃষ্ণেন্দু পাল আদৰণী সমিতিৰ সম্পাদক তথা শিলচৰৰ বিধায়ক দিপায়ন চক্ৰৱৰ্তীসহ সাহিত্য সভাৰ বিভিন্ন জিলাৰ পৰা অহা বিষয় বয়সীয়াসকল। শোভাযাত্ৰাৰ উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ কণাড পুৰকায়স্থই।
শোভাযাত্ৰাৰ প্ৰথমে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ ফটোসহ জুবিনৰ গীত পৰিৱেশনেৰে এখন সুসজ্জিত বাহন লৈ যোৱা হয়। ইয়াৰ পিছত আন এখন সু সজ্জিত গাড়ীত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী আৰু বৰাকৰ বিভিন্ন সাহিত্য সভাৰ সভাপতি সকলক লৈ আদৰি নিয়া হয়।
শোভাযাত্ৰাত অসমীয়া, বাঙালী, মণিপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, নেপালী, নগা, চাহ জনগোষ্ঠী,কাছাৰৰ ভুমি পুত্ৰ কোচ ৰাজবংশী, অসম সাহিত্য সভাৰ বিভিন্ন শাখা সমিতি বহু স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। শিলচৰ শাখাৰ সাহিত্য সভাৰ সদস্যাসকলে দিহানাম পৰিবেশন কৰা দৃশ্য আছিল আজিৰ সাংস্কৃতিক শোভাযাত্ৰাৰ অন্যতম আকৰ্ষণ।
শোভাযাত্ৰাৰ শেষত তামোল পাণ আগবঢ়াই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোক আৰু সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীক আদৰণি জনাই সমিতিয়ে। ইফালে এই শোভাযাত্ৰাক অসম সাহিত্য সভাৰ ইতিহাসত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয়ৰ প্ৰতীক হিচাপে চিহ্নিত হৈছে।
জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে বৰাকৰ সকলোৱে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি প্ৰতিপন্ন কৰিলে যে অসমখন ভগ্নাংশ হ'লেও সাংস্কৃতিকভাৱে ঐক্যৰ ক্ষেত্ৰত আগবাঢ়িবলৈ বদ্ধপৰিকৰ হৈছে।